শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জুবিনক ন্যায় প্ৰদানৰ দাবীৰ পৰা মহিলা বিশ্বকাপলৈ… পুৱাৰ মুখ্য খবৰসমূহ পঢ়ক

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

জুবিনক ন্যায় প্ৰদানৰ দাবীৰ পৰা মহিলা বিশ্বকাপলৈ… পুৱাৰ মুখ্য খবৰসমূহ পঢ়ক
পুৱাৰ খবৰ
trishna-kalita
Trishna Kalita | Updated On: 13 Oct 2025 07:22 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. দেওবাৰে গুৱাহাটীৰ বশিষ্ঠৰ বাক্ৰাপাৰাত সংঘটিত হয় ভয়ংকৰ ঘটনা। এগৰাকী ২২ বছৰীয়া যুৱতীয়ে বিল্ডিঙৰ তৃতীয় মহলাৰ পৰা জপিয়াই জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে। শুভ এনক্লেভ নামৰ এপাৰ্টমেন্টটোত সংঘটিত হৈছে এই ঘটনা। পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰি হেল্থ চিটি হাস্পাতাললৈ প্ৰেৰণ কৰে। বৰ্তমান সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি হৈ আছে যুৱতীগৰাকী।
  2. জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । ভিছেৰা ৰিপ’ৰ্ট দাখিলৰ পাছতে CIDয়ে সমগ্ৰ ঘটনাৰ এটা নিৰ্দিষ্ট দিশ বিচাৰি পাইছে বুলি জনালে মুখ্যমন্ত্ৰীয়ে।  শীঘ্ৰেই সমস্ত ঘটনাৰ প্ৰতিবেদন আদালতত দাখিল কৰিব পাৰিব SITয়ে। আজি CIDৰ কাৰ্যালয়ত উপস্থিত হ’ব ছিংগাপুৰৰ ৪ প্ৰৱাসী অসমীয়া। সামাজিক মাধ্যমত লাইভযোগে জনালে মুখ্যমন্ত্রীয়ে।
  3. জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ। ১৪ অক্টোবৰত জিলা সদৰত অৱস্থান বিক্ষোভ। ১৯ অক্টোবৰত সকলো আঞ্চলিক ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ২৩ অক্টোবৰত জিলা সদৰত ন্যায় সমদল কৰিব আছুৱে।
  4. দীপাৱলীত একাংশই ফটকা বৰ্জনৰ বাবে জনোৱা আহ্বানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে কয়, ‘আমাৰ সভ্যতা-সংস্কৃতিক আমি এৰি নিদিওঁ। মনৰ দুখৰ মাজতো আমি দীপান্বিতা পালন কৰিম। বৰপেটাৰ আতচবাজি শিল্পটোক জীয়াই ৰাখিব লাগিব। জুবিনক বুকুত লৈ আমি দীপাৱলী পালন কৰিম।’
  5. যোৰহাটৰ চকীহাটত পুনৰ গণনিগ্ৰহৰ ভয়ংকৰ ঘটনা। গণনিগ্ৰহৰ বলি হৈ জীৱন-মৃত্যুৰে যুঁজিছে এজন কিশোৰে। সম্প্ৰতি JMCHৰ ICUত চিকিৎসাধীন অৱস্থাত আছে কিশোৰজনে। ১৬ বছৰীয়া কিশোৰজনৰ নাম বিকাশ দাস। ভাওনা চাবলৈ ঘৰৰ পৰা চকীহাটলৈ গৈছিল বিকাশ।
  6. ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল অসম কন্যা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটী শ্ব’ Super Dancer Chapter-5ত অসম কন্যাৰ সাফল্য। Sony TVত সম্প্ৰচাৰিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটী শ্ব’ Super Dancer Chapter-5ৰ খিতাপ দখল ধেমাজিৰ আধ্যাশ্ৰী উপাধ্যায়ৰ। ট্ৰফীৰ লগতে ১০ লাখ টকাৰ নগদ ধন লাভ কৰে আধ্যাশ্ৰীয়ে।
  7. দক্ষিণ ত্ৰিপুৰা জিলাৰ সীমান্তৱৰ্তী চহৰ সবৰুমত গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী সন্দেহযুক্ত পাকিস্তানী মহিলাক । ড্ৰাগছ সৰবৰাহৰ লগত জড়িত ৬৫ বছৰীয়া মহিলাগৰাকী নেপালী কাৰাগাৰৰ পৰা ভাৰতলৈ পলায়ন কৰা বুলি জানিব পৰা গৈছে। সবৰুম আৰক্ষী বিষয়া নিত্যানন্দ সৰকাৰে জানিবলৈ দিয়া মতে মহিলাগৰাকীৰ নাম লুই নিঘাট আখতাৰ বানো।
  8. মহিলা বিশ্বকাপৰ আন এখনত মেচত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত টীম ইণ্ডিয়া। প্ৰতিযোগিতাখনৰ ত্ৰয়োদশ মেচত অষ্ট্ৰেলিয়াই টীম ইণ্ডিয়াক ৩ উইকেটত পৰাস্ত কৰে। এই ফলাফলে পইণ্ট টেবুলত প্ৰভাৱ পেলায় যদিও টীম ইণ্ডিয়াই কোনো তাৎক্ষণিক ক্ষতিৰ সন্মুখীন হোৱা নাই।

লগতে পঢ়ক: ৪ ৰাশিয়ে লাভ কৰিব ভাগ্যৰ সমৰ্থন, সোমবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক ৰাশিফল…