দেহৰ বিষ নিৰাময় কৰাত সহায়ক পাকঘৰৰ এইসমূহ মছলা

13 Oct 2025

TV9 ASSAM

দেহৰ ভিন্ন অংগৰ বিষ নিৰাময় কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ অবিহনেই বহুলোকে পেইনকিলাৰ খায়। কিন্তু দেহৰ বাবে এয়া হৈ উঠে অত্যন্ত ক্ষতিকাৰক।

পেইনকিলাৰ

পেইনকিলাৰৰ এনে ক্ষতিৰ পৰা ৰক্ষা পাবলৈ প্ৰাকৃতিক উপায়েৰে বিষ নিৰাময়ৰ পন্থা ল’ব পাৰে। এইক্ষেত্ৰত সহায় কৰিব পাকঘৰৰ কিছুমান মছলাই।

মছলা

দেহৰ পেশী বিষ হলে বা বিষত ফুলি যোৱাৰ দৰে সমস্যাৰ ক্ষেত্ৰত হালধিয়ে সহায় কৰিব পাৰে। আঘাত পোৱা ঠাইত হালধিৰ সৈতে মিঠাতেল লগাব পাৰে।

হালধি

প্ৰাকৃতিক বিষনাশক হিচাপে লঙৰ ব্যৱহাৰ পূৰ্বৰে পৰা প্ৰচলিত। দাঁতৰ বিষ দূৰ কৰাত লং যথেষ্ট সহায়ক। লং দিয়া চাহে মূৰৰ বিষৰ পৰা উপশম দিয়ে।

লং

হজম শক্তিৰ বাবে চফ যথেষ্ট উপকাৰী। চফ খালে গেছৰ ফলত হোৱা পেটৰ বিষৰ পৰা উপশম পোৱা যায়। গতিকে বিষ নিৰাময়ত চফ হ’ব পাৰে যথেষ্ট সহায়ক।

চফ

আদাত থকা জিঞ্জাৰল নামৰ উপাদানে ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ, মূৰৰ বিষ আৰু চৰ্দি-কাহৰ দৰে সমস্যা হ্ৰাস কৰে। গাঁঠিৰ বিষৰ পৰা উপশম পোৱাত সহায় কৰে।

আদা

ই পেশীৰ বিষ আৰু পেশী ফুলি উঠাৰ দৰে সমস্যা দূৰ কৰাত সহায় কৰে। জালুক পিহি কুহুমীয়া গাখীৰৰ লগত খাব পাৰে। ইয়াৰ ফলত ভাগৰো দূৰ হয়।

জালুক

পঢ়িবলৈ ক্লিক কৰক 

নিতে হোৱা দাঁতৰ বিষ কোনো ৰোগৰ লক্ষণ নেকি?