শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নাম-নম্বৰ প্ৰকাশ নকৰাকৈ কৰিব পাৰিব মেছেজ, আহি আছে WhatsAppৰ নতুন ফিচাৰ!

WhatsApp New Feature: এতিয়া হোৱাটছএপত এনে এটা ফিচাৰ আহিব যাৰ জৰিয়তে আপোনাৰ নাম আৰু নম্বৰ প্ৰকাশ নকৰাকৈ আপোনজনৰ সৈতে ব্যক্তিগতভাৱে মেছেজ কৰিব পাৰিব। ছিলিকন ভেলীৰ টেক জায়ান্ট মেটাত হোৱাটছএপৰ বিটা ভাৰ্চনত ইয়াৰ পৰীক্ষা চলি আছে।

নাম-নম্বৰ প্ৰকাশ নকৰাকৈ কৰিব পাৰিব মেছেজ, আহি আছে WhatsAppৰ নতুন ফিচাৰ!
WhatsAppৰ নতুন ফিচাৰ!
trishna-kalita
Trishna Kalita | Updated On: 13 Oct 2025 12:59 PM

বৰ্তমান সময়ত প্ৰায় প্ৰতিজন ব্যক্তিৰে নিজৰ হোৱাটছএপত একাউণ্ট আছে। এতিয়া হোৱাটছএপত এনে এটা ফিচাৰ আহিব যাৰ জৰিয়তে আপোনাৰ নাম আৰু নম্বৰ প্ৰকাশ নকৰাকৈ আপোনজনৰ সৈতে ব্যক্তিগতভাৱে মেছেজ কৰিব পাৰিব। ছিলিকন ভেলীৰ টেক জায়ান্ট মেটাত হোৱাটছএপৰ বিটা ভাৰ্চনত ইয়াৰ পৰীক্ষা চলি আছে। যদি সকলো ঠিকে থাকে তেন্তে এই বছৰ ব্যৱহাৰকাৰীৰ বাবে পূৰ্বতকৈ অধিক বৃদ্ধি কৰা হ’ব নিৰাপত্তা।

এই নতুন বৈশিষ্ট্যই কেনেকৈ কাম কৰিব?

সূত্ৰই জনোৱা মতে, হোৱাটছএপৰ প্ৰফাইল চেটিঙত নতুন বিকল্প থাকিব। যাক কোৱা হ’ব ‘ৰিজাৰ্ভ ইউজাৰ’। আৰু সেই বিকল্পটো সক্ৰিয় হ’লে ব্যৱহাৰকাৰীৰ নাম আৰু মোবাইল নম্বৰ আনৰ পৰা সম্পূৰ্ণৰূপে লুকুৱাই ৰখা হ’ব। আৰু ফলত বহু অবাঞ্চিত মেছেজৰ সংখ্যা হ্ৰাস পাব।

আপোনাৰ ডাটা কিমান সুৰক্ষিত হ’ব?

হোৱাটছএপৰ এই নতুন বৈশিষ্ট্যৰ নাম ‘Username’। আৰু যদি সেই বৈশিষ্ট্য অন থাকে তেন্তে কোনো অচিনাকি মানুহৰ নাম বা নম্বৰ দেখা নাপাব।  ইয়াতকৈ বেছি গুৰুত্বপূৰ্ণ কথাটো হ’ল যদি কোনো ৱেবছাইট বা কোনো বাহ্যিক প্লেটফৰ্মৰ পৰা কোনো বাৰ্তা আহে, য’ত WWW লিখা থাকে, তেন্তে WhatsApp এ স্বয়ংক্ৰিয়ভাৱে সেই বাৰ্তাটো ব্লক কৰি দিব। ইয়াৰ ফলত চাইবাৰ অপৰাধৰ পৰিমাণ হ্ৰাস পাব। ইয়াৰ উপৰিও ব্যক্তিগত তথ্য চুৰিও ৰোধ কৰিব পৰা যাব। আৰু চাইবাৰ সুৰক্ষাৰ এই পদক্ষেপটো হোৱাটছএপ ব্যৱহাৰকাৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ।

এতিয়া প্ৰশ্নটো হ’ল যদি আপোনাৰ প্ৰিয়জনৰ হাতত আপোনাৰ নম্বৰ নাই, তেওঁ আপোনাক মেছেজ দিব নোৱাৰিব নেকি? তেনে ক্ষেত্ৰত ‘Username with PIN’ বিকল্পটো কামত আহিব। য’ত আপুনি চাৰিটা সংখ্যাৰ ব্যক্তিগত পৰিচয় নম্বৰ বা পিন তৈয়াৰ কৰিব লাগিব। সেই পিনটো জানিলে আন অচিনাকি মানুহে আপোনাক মেছেজ দিব পাৰিব। ফলত কোনে আপোনাক মেছেজ কৰিব পাৰে আৰু কোনে নোৱাৰে সেইটো আপোনাৰ নিয়ন্ত্ৰণত থাকিব। ফলত আগন্তুক বছৰত এই ‘প্রাইভেচি চিল্ড’-এ আপোনাৰ কথা-বতৰা অধিক সুৰক্ষিত কৰি তুলিব বুলি আশা কৰা হৈছে।