শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ দুই সেনা জোৱান, অব্যাহত সেনাৰ অভিযান

সেনাৰ বিষয়াসকলে উল্লেখ কৰা মতে যোৱা দহ বছৰৰ ভিতৰত এয়া সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ অন্যতম দীৰ্ঘদিনীয়া অভিযান। এই অভিযান আৰম্ভ হোৱাৰ পিছৰে পৰা এতিয়ালৈকে ১১জন নিৰাপত্তাৰক্ষী আহত হৈছে বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ দুই সেনা জোৱান, অব্যাহত সেনাৰ অভিযান
কুলগামত শ্বহীদ দুই জোৱানImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 09 Aug 2025 09:53 AM

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে অব্যাহত আছে নিৰাপত্তা বাহিনীৰ অভিযান। উপত্যকাটোৰ কুলগামত বিগত ৯টা দিন ধৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে চলাই আহিছে অভিযান। এই এনকাউণ্টাৰত সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ হৈছে দুজন সেনা জোৱান। বিষয়াসকলে জানিবলৈ দিয়া মতে, শুকুৰবাৰে নিশা সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা গুলীচালনাত চাৰিজন নিৰাপত্তাৰক্ষী আহত হয়। সন্ত্ৰাসবাদীৰ গুলীত কৰ্তব্যৰত অৱস্থাত দুজন নিৰাপত্তাৰক্ষী শ্বহীদ হয়।

সেনাৰ বিষয়াসকলে উল্লেখ কৰা মতে যোৱা দহ বছৰৰ ভিতৰত এয়া সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ অন্যতম দীৰ্ঘদিনীয়া অভিযান। এই অভিযান আৰম্ভ হোৱাৰ পিছৰে পৰা এতিয়ালৈকে ১১জন নিৰাপত্তাৰক্ষী আহত হৈছে বুলি কৰ্তৃপক্ষই সদৰী কৰিছে। অঞ্চলটোত এতিয়াও অপাৰেচন অব্যাহত আছে বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই।

ভাৰতীয় সেনাৰ চিনাৰ কৰ্পছে নিজা সামাজিক মাধ্যম একাউণ্ট যোগে কুলগাম অভিযানত শ্বহীদ হোৱা জোৱান দুজনৰ বিষয়ে তথ্য প্ৰদান কৰিছে। এক এক্স পোষ্ট যোগে সেনাই উল্লেখ কৰা মতে দেশৰ বাবে শ্বহীদ হৈছে বীৰ লেফটেনেণ্ট কৰ্ণেল প্ৰীতপাল সিং আৰু জোৱান হৰমিন্দৰ সিং। দুই শ্বহীদ জোৱানৰ বলিদান, সাহস আৰু সমৰ্পণে দেশক সদায় অনুপ্ৰাণিত কৰিব বুলি চিনাৰ কৰ্পছে উল্লেখ কৰিছে।

 

বিষয়াসকলে জানিবলৈ দিয়া মতে, যোৱা ১ আগষ্টৰ পৰা আৰম্ভ হোৱা এই এনকাউণ্টাৰত দুজন সন্ত্ৰাসবাদী নিহত হৈছে।সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱা তথ্য লাভ কৰাৰ পিছতে দক্ষিণ কাশ্মীৰ জিলাৰ আখালত অৱস্থিত এখন বনাঞ্চলত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰিছিল বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।

নিৰাপত্তা বাহিনীয়ে ড্ৰ’ন আৰু হেলিকপ্টাৰ ব্যৱহাৰ কৰি বনাঞ্চলত সন্ত্ৰাসবাদীৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে বুলিও জানিবলৈ দিয়া হৈছে। বনাঞ্চলৰ ভিতৰত লুকাই থকা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এই অভিযানত পেৰা কমাণ্ডো বাহিনীয়েও নিৰাপত্তা বাহিনীক সহায় কৰিছে বুলি তথ্য প্ৰকাশ পাইছে।