চকুৰ ক্ষমতা থাকিব অটুট, মানি চলক মাত্ৰ এনে নিয়ম

9 August 2025

TV9 ASSAM

আপোনাৰ চকু দুটা সুস্থ কৰি ৰাখিব পৰাকৈ নেচনেল আই ইনষ্টিটিউটে কিছুমান সহজ টিপছ দিছে। ইয়াৰ জৰিয়তে আপোনাৰ সামগ্ৰিক স্বাস্থ্যও ভাল হ’ব।

সুস্থ চকু

নেচনেল আই ইনষ্টিটিউটৰ মতে, চকুক সুস্থ কৰি ৰাখিবলৈ স্বাস্থ্যকৰ খাদ্য খাব লাগে। সেউজীয়া শাক-পাচলি, ফল-মূল আৰু মাছ এইক্ষেত্ৰত অতি উপকাৰী।

স্বাস্থ্যকৰ খাদ্য

চকুৰ সমস্যাৰ সম্ভাৱনা কম কৰিবলৈ নিজকে সক্ৰিয় কৰি ৰাখিব লাগে। ইয়াৰ দ্বাৰা ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হাই কলেষ্টেৰল আদিৰ বাবে চকুৰ ওপৰত পৰা বেয়া প্ৰভাৱ কমাব পাৰি।

শাৰীৰিক পৰিশ্ৰম

ৰ’দৰ আল্ট্ৰা বেঙুনীয়া ৰশ্মিয়ে কেৱল ছালৰ ক্ষতি কৰাই নহয় চকুৰো ক্ষতি কৰে, গতিকে ৰ’দত ওলাই যোৱাৰ সময়ত উন্নত মানৰ ছানগ্লাছ পিন্ধাটো অতি প্ৰয়োজনীয়।

ছানগ্লাছ পিন্ধক

বৰ্তমান সময়ত কৰ্মসংক্ৰান্ততে হওক বা সময় কটোৱাৰ বাবে হওক ইলেক্ট্ৰনিক গেজেটৰ ব্যৱহাৰ বাঢ়িছে। এই ব্যৱহাৰ হ্ৰাস কৰি চকু দুটাক জিৰণি দিয়ক।

চকুৰ জিৰণি

পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সদায় যত্ন লোৱা উচিত। বাৰে বাৰে চকু স্পৰ্শ নকৰিব আৰু বিশেষকৈ কনটেক্ট লেন্স পিন্ধিলে প্ৰথমে হাত চাফা কৰিব লাগে।

পৰিষ্কাৰ-পৰিচ্ছন্ন

ধূমপান আৰু মদ্যপানে আপোনাৰ চকুৰ লগতে সমগ্ৰ স্বাস্থ্যৰ ওপৰত অতি বেয়া প্ৰভাৱ পেলায়, গতিকে এই সকলোবোৰ বেয়া অভ্যাসৰ পৰা আঁতৰি থাকক।

ধূমপান-মদ্যপান

পঢ়িবলৈ ক্লিক কৰক 

১০ হাজাৰ পৰ্যন্ত বাঢ়িব পাৰে সোণৰ দৰ