শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…

দিনটোৰ বহু কেইটা ৰাজনৈতিক খবৰে শিৰোনাম দখল কৰিছে। ইয়াৰ মাজতে গুৱাহাটীৰ মহানগৰত সংঘটিত হৈছে এক জঘন্য ঘটনা । পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ...

পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…
হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Published: 08 Aug 2025 18:36 PM

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। বিশেষকৈ দিনটোৰ বহু কেইটা ৰাজনৈতিক খবৰে শিৰোনাম দখল কৰিছে। ইয়াৰ মাজতে গুৱাহাটীৰ মহানগৰত সংঘটিত হৈছে এক জঘন্য ঘটনা । যি ঘটনাই সমগ্ৰ ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে। মহানগৰীত গণপ্ৰহাৰত মৃত্যু হয় এজন লোকৰ, ইয়াৰ বিপৰীতে আন এজনক সংকটজনক অৱস্থাত ভৰ্তি কৰা হয় হাস্পতালত। পলকতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰসমূহ।

দিনটোৰ শীৰ্ষ খবৰ

  1. গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক জঘন্য ঘটনা। গণপ্ৰহাৰত মৃত্যু এজন লোকৰ, ইয়াৰ বিপৰীতে আন এজনক সংকটজনক অৱস্থাত ভৰ্তি কৰা হয় হাস্পতালত। চুৰিৰ অভিযোগত একাংশ লোকে দুই যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে বুলি জানিব পৰা গৈছে। পাণবজাৰৰ কটন বিশ্ববিদ্যালয়ৰ সমীপতে সংঘটিত হয় এই ঘটনা। ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ তদন্ত।
  2. আজি শ্বহীদ ন্যাসৰ সন্মুখত আছুৰ মহানগৰ জিলা সমিতিৰ প্ৰতিবাদ। ধৰ্মৰ ভিত্তিত বিদেশীক চৰকাৰে ভাগ ভাগ কৰাৰ অভিযোগ তুলি তীব্ৰ বিৰোধিতা আছুৰ। আছুৰ সভাপতি উৎপল শৰ্মাই কয়,অসম চৰকাৰৰ নিৰ্দেশনা আমি বিৰোধিতা কৰিছো। এয়া CAA কাৰ্যকৰী কৰাৰ কুচকাৱাজ। বিজেপিৰ ভোট বেংক সুৰক্ষাৰ স্বাৰ্থতহে হিমন্ত বিশ্ব শৰ্মা ব্যস্ত। খিলঞ্জীয়াৰ সুৰক্ষাকলৈ হিমন্ত বিশ্ব শৰ্মা চিন্তিত নহয় বুলি মন্তব্য আছুৰ সভাপতিগৰাকীৰ।
  3. ২০১৫ চনৰ পূৰ্বে প্ৰৱেশ কৰা অমুছলমান অবৈধ বিদেশীৰ গোচৰ বিদেশী ন্যায়াধিকৰণৰ পৰা বাদ দিবলৈ কোনো “বিশেষ” নিৰ্দেশ জাৰি কৰা নাই। এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, ৰাজ্যৰ কেবিনেটে বিদেশী ন্যায়াধিকৰণৰ পৰা গোচৰ বাদ দিয়াৰ সন্দৰ্ভত দুটা সিদ্ধান্ত লৈছে- এটা কোচ-ৰাজবংশী সম্প্ৰদায়ৰ বাবে আৰু আনটো গোৰ্খা জনগোষ্ঠীৰ সৈতে জড়িত। কিন্তু ২০১৫ চনৰ পূৰ্বে অহা অমুছলমান বিদেশীৰ গোচৰ প্ৰত্যাহাৰৰ কোনো নিৰ্দেশনা দিয়া নাই বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ।
  4. হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত বিটিচিত কোনো ঠাইত বন্দুকৰ গুলিৰ শব্দ শুনা নাই। অহা ৫ বছৰত বিটিচিত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব। বিটিচি নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। আজি ওদালগুৰি জিলাৰ তিনিটা পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে। প্ৰথমে খৈৰাবাৰী তাৰ পাছত ভেৰগাঁও আৰু ননৈচেৰফাং সমষ্টিত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে।
  5. শুকুৰবাৰে শ্ৰীভূমি জিলাৰ পৰা ১০ অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰে নিৰাপত্তা বাহিনীয়ে। সামাজিক মাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। যোৱা সপ্তাহত অসম আৰক্ষীয়ে শ্ৰীভূমিৰ পৰা ২৭ জন অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰিছিল। এই কথা নিশ্চিত কৰিছে মুখ্যমন্ত্ৰীয়ে।
  6. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত BJP দলৰ গুৰুত্বপূৰ্ণ বৈঠক। বাজপেয়ী ভৱনত শুক্ৰবাৰে বিয়ালি অনুষ্ঠিত হয় এই বৈঠক। ২৯ আগষ্টত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব অসমলৈ। বৈঠকত উপস্থিত মুখ্যমন্ত্ৰী, দলটোৰ সভাপতি দিলীপ শইকীয়াৰ লগতে মন্ত্ৰী-বিধায়ক।
  7. ৰাহুল গান্ধী নিৰ্বাচনত জিকিলে ‘ভোট চুৰি ‘ নহয় আৰু বিজেপি নিৰ্বাচনত জিকিলে ‘ভোট চুৰি’ হয়। ‘ভোট চুৰি’ অভিযোগকলৈ ৰাহুল গান্ধীক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয়,ৰাহুল গান্ধীয়ে নিজে নিৰ্বাচনত জিকিলে কোনো ধৰণৰ খেলিমেলি নহয়, যদি নিৰ্বাচনত বিজেপি জয়ী হয় তেতিয়া খেলিমেলি হয়।
  8.  ৰাহুল গান্ধীৰ অভিযোগৰ উদ্ধৃতিৰে অসমত SIR ৰ প্ৰয়োজনীয়তাক পুনৰ আলোকপাত কৰিলে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিজৰ মন্তব্যৰ জৰিয়তে নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR)ৰ বাবে “পৰোক্ষ সমৰ্থন” প্ৰদান কৰা বুলি দাবী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্য়মন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে, উত্তৰ-পূব ৰাজ্যখনত “বাংলাদেশী”ৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰোৱাৰ বাবে SIR অতি প্ৰয়োজনীয়।
  9. এন আৰ চি সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তীক্ষ্ণ সমালোচনা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে মমতা বেনাৰ্জীয়ে বাঙালী জনগোষ্ঠীৰ মাজত “ভয়” জগাই তুলিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে ডঃ শৰ্মাই। এন আৰ চিক প্ৰসংগত বঙালীসকলক বাংলাদেশী সজাই বিজেপি চৰকাৰে বিতাড়নৰ চেষ্টা চলোৱাৰ অভিযোগ তুলিছিল বংগৰ মমতাই।