শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বিনা বেতনে কাম কৰে মুকেশ আম্বানীয়ে! পিছে কিমান টকা দৰমহা লয় পুত্ৰ-কন্যাই...

বিনা বেতনে কাম কৰে মুকেশ আম্বানীয়ে! পিছে কিমান টকা দৰমহা লয় পুত্ৰ-কন্যাই…

barasha-sarma
Barasha Sarma | Published: 08 Aug 2025 20:58 PM

বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত নাম আছে মুকেশ আম্বানীৰ। পিছে আপুনি জানেনে, তেওঁ বিনা বেতনে কাম কৰি আছে। শুনি আচৰিত লাগিলেও এই কথা সঁচা।

বিগত পাঁচ বছৰ ধৰি বিনা বেতনে কাম কৰি আহিছে ভাৰতীয় কোটিপতি মুকেশ আম্বানীয়ে । বৃহস্পতিবাৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে প্ৰকাশ কৰা বাৰ্ষিক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ।

কোম্পানীটোৱে জনাইছে যে কোৰোনাৰ সময়ৰ পৰা আম্বানীয়ে দৰমহা লোৱা নাই। সেই সময়ত তেওঁ দৰমহা লোৱা বন্ধ কৰি  দিছিল। পাঁচ বছৰৰ পাছতো তেওঁ সেই সিদ্ধান্তত অটল আছে। তেওঁ এতিয়া দৰমহা আৰু আন কোনো সাহাৰ্য লোৱা নাই। কিন্তু আপুনি জানেনে ইয়াৰ পূৰ্বে তেওঁ কিমান টকা দৰমহা লৈছিল? কোম্পানীটোৱে দিয়া তথ্য অনুসৰি ২০০৯ চনৰ বিত্তীয় বৰ্ষৰ পৰা ২০২০ বিত্তীয় বৰ্ষলৈকে প্ৰতি বছৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ পৰা ১৫ কোটি টকাৰ দৰমহা লৈছিল। অৱশ্যে এতিয়া তেওঁ বিনা বেতনে কাম কৰে। কিন্তু তেওঁৰ পুত্ৰ-কন্যা বিপৰীত। মুকেশ আম্বানীৰ সন্তানে লয় মোটা অংকৰ দৰমহা।