শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
১৫ আগষ্টৰ বাবে সষ্টম আৰক্ষী, অসমৰ সুনাম বজাই ৰখাৰ আহ্বান আইজিপি অখিলেখ কুমাৰ সিঙৰ

১৫ আগষ্টৰ বাবে সষ্টম আৰক্ষী, অসমৰ সুনাম বজাই ৰখাৰ আহ্বান আইজিপি অখিলেখ কুমাৰ সিঙৰ

raj-saikia
Raj Saikia | Published: 08 Aug 2025 22:41 PM

জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে ১৫ আগষ্টৰ বাবে ৰাজ্যৰ প্ৰতিটো স্থানতে আৰক্ষী সষ্টম হৈ আছে। নিয়মীয়া তালাচী জোৰদাৰ ভাৱে চলোৱা হৈছে। অসমৰ এটা ভাল নাম আছে, কোনেও নামটো যাতে নষ্ট নকৰে তাৰ বাবে আহ্বান জনায় অখিলেশ কুমাৰ সিঙে।

সমুখত দেশৰ স্বাধীনতা দিৱস। আলফা স্বাধীনকে ধৰি উগ্ৰপন্থী সংগঠনৰ সম্ভাৱ্য কুটাঘাত প্ৰতিৰোধৰ বাবে ব্যাপক তৎপৰতা অসম আৰক্ষীৰ। গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ ৰাজ্যতে সষ্টম অসম আৰক্ষী আৰু নিৰাপত্তা বাহিনী। অসম আৰক্ষীৰ আইন শৃংখলাৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিঙে আৰক্ষীৰ তৎপৰতা সন্দৰ্ভত প্ৰকাশ কৰিছে তথ্য। উগ্ৰপন্থী সংগঠনৰ কাম-কাজ বা গতি-বিধিৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে সমগ্ৰ অসমতে।

জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে ১৫ আগষ্টৰ বাবে ৰাজ্যৰ প্ৰতিটো স্থানতে আৰক্ষী সষ্টম হৈ আছে। নিয়মীয়া তালাচী জোৰদাৰ ভাৱে চলোৱা হৈছে। অসমৰ এটা ভাল নাম আছে, কোনেও নামটো যাতে নষ্ট নকৰে তাৰ বাবে আহ্বান জনায় অখিলেশ কুমাৰ সিঙে। সংগঠনবোৰকো এই ভাল নামটো বৰ্তাই ৰাখিবলৈ সহায় কৰিবলৈ আহ্বান আইজিপিগৰাকীৰ।

ইফালে সমগ্ৰ অসমতে অবৈধ বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযানৰ সময়ত অসম আৰক্ষীয়ে কোনো ধৰণৰ কূটাঘাতমূলক ঘটনা বা আইন শৃংখলাৰ অৱন্নতি যাতে নহয়, সেই দিশত গুৰুত্ব দিয়া বুলি কয় সিঙে। আনহাতে উচ্ছেদিতসকলে অসমৰ আন প্ৰান্তত গৈ অপৰাধমূলক কাম যাতে কৰিব নোৱাৰে তাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰক্ষা বুলি তেওঁ দোহাৰে।