Morning News: দিনটো আৰম্ভ কৰক পুৱাৰ কেইটিমান গুৰুত্বপূৰ্ণ খবৰেৰে
কালি অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকত কেন্দ্ৰীয় কেবিনেটে অসমৰ বাবে ৪,০০০ কোটি টকাৰ বিশেষ উন্নয়ন পুঁজি ঘোষণা কৰে। কেবিনেটৰ এই পুঁজিৰ বাবে ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- শুকুৰবাৰে অনুষ্ঠিত হয় কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত কেন্দ্ৰীয় কেবিনেটে অসমৰ বাবে ৪,০০০ কোটি টকাৰ বিশেষ উন্নয়ন পুঁজি ঘোষণা কৰে। অসমৰ আদিবাসী বসতিপ্ৰধান এলেকাসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৫০০ কোটি টকা, ডিমাছা নেচনেল লিবাৰেচন আৰ্মী তথা ডিমাছা পিপলছ ছুপ্ৰিম কাউন্সিলৰ বসতিপ্ৰধান উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ এলেকাৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ৫০০ কোটি টকা আৰু ৰাজ্যৰ সামগ্ৰিক আন্তঃগাঁথনি উন্নয়নৰ বাবে ৩ হাজাৰ কোটি টকাৰ পুঁজিত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে।
- প্ৰধানমন্ত্ৰী মোদীয়ে চলিত মাহৰ শেষৰফালে চাংহাই ক’অপাৰেচন অৰ্গেনাইজেশ্যন, চমুকৈ SCOৰ তিয়ানজিন সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে চীন ভ্ৰমণ কৰিব পাৰে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গুঅ’ জিয়াকুনে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে দুয়োখন দেশৰ বন্ধুত্ব আৰু সংহতি অধিক শক্তিশালী কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে। তেওঁ লগতে প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ চীন সাজু বুলিও উল্লেখ কৰে।
- গুৱাহাটী মহানগৰীত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা। পাণবজাৰৰ কটন বিশ্ববিদ্যালয়ৰ সমীপত চুৰিৰ অভিযোগত একাংশ লোকে দুই যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে। এই গণপ্ৰহাৰত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজন লোক গুৰুতৰভাৱে আহত হয়। আহত লোকজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয়।
- অহা শুকুৰবাৰে আলাস্কাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এই সাক্ষাতৰ সময়ত ইউক্ৰেইনত যুদ্ধৰ অন্ত পেলোৱাৰ বিষয়ে আলোচনা কৰা হ’ব বুলি ট্ৰাম্পে জানিবলৈ দিছে। নিজা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ’ যোগে এই তথ্য প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। অৱশ্যে এই বিষয়ত ৰাছিয়াই এইপৰ্যন্ত কোনো নিশ্চিত প্ৰদান কৰা নাই।
- ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বাৰ্তালাপ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুয়োগৰাকী ৰাষ্ট্ৰনেতাৰ এই বাৰ্তালাপত প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইন যুদ্ধৰ বিষয়ত সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ বাবে ভাৰতৰ স্থিতি পুনৰবাৰ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ৰাষ্ট্ৰপতি পুটিনক চলিত বৰ্ষৰ শেষৰ ফালে বাৰ্ষিক দ্বিপাক্ষিক সন্মিলনৰ বাবে ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায়।
- স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আৰক্ষীৰ জালত পৰিছে এক ভুৱা আলফা। নলবাৰীৰ বৰামাৰ পৰা নুনমাটি আৰক্ষীয়ে এই ভুৱা আলফাজনক গ্ৰেপ্তাৰ কৰে। ধৃত ভুৱা আলফাজনক সুমটো ব্ৰহ্ম বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে সুমটো ব্ৰহ্ম নামৰ এই ধৃত লোকজনে নিজকে আলফা কেদাৰ বুলি চিনাকি দি ৰাহুল দাস নামৰ এজন লোকৰ পৰা পাঁচ লাখ টকা দাবী কৰিছিল।
- দেশৰ এক আগশাৰীৰ ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপত আজি দুখন মেচ অনুষ্ঠিত হ’ব। দিনটোৰ প্ৰথমখন মেচত বড়োলেণ্ড ফুটবল ক্লাৱে পঞ্জাৱ ফুটবল ক্লাৱৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব। আনহাতে পিছৰখন মেচত মুখামুখি হ’ব ডায়েমণ্ড হাৰ্বাৰ আৰু মোহন বাগান সুপাৰ জায়েণ্ট। দিনটোৰ প্ৰথমখন মেচ বিয়লি ৪ বজাৰ পৰা আৰু দ্বিতীয়খন মেচ সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব।