শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে NDA- ই কৰিব প্ৰশিক্ষণৰ ব্যৱস্থা!

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে NDA- ই কৰিব প্ৰশিক্ষণৰ ব্যৱস্থা!

monjit-dutta
Monjit Dutta | Published: 08 Aug 2025 21:44 PM

যোৱা বুধবাৰে শাসকীয় মিত্ৰজোঁটৰ সাংসদসকল এক বৈঠকত মিলিত হৈছিল। প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নড্ডাই উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি এন ডি এ গোটৰ সাংসদসকল একমত হৈছে।

অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ। ইতিমধ্যে নিৰ্বাচন আয়োগে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইফালে এই নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে দেশৰ শাসকীয় এন ডি এ মিত্ৰজোঁটেও। শাসকীয় এন ডি এ জোঁটৰ সাংসদসকলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী আৰু জে পি নড্ডাৰ ওপৰতে আস্থা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নড্ডাই উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি এন ডি এ গোটৰ সাংসদসকল একমত হৈছে।

এই নিৰ্বাচনৰ কৌশল সন্দৰ্ভত আলোচনাৰ বাবে যোৱা বুধবাৰে শাসকীয় মিত্ৰজোঁটৰ সাংসদসকল এক বৈঠকত মিলিত হৈছিল। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত অনুষ্ঠিত এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নড্ডাৰ লগতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুও উপস্থিত থাকে। সূত্ৰ অনুসৰি এন ডি এৰ সাংসদসকলৰ বাবে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া সন্দৰ্ভত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব।