‘বিচনাত অক্ষয়, নাই চেতনা’…মেনোপজক লৈ মুখ খুলিলে টুইংকল খান্নাই!
টুইংকলে কয় যে, তেওঁ কেতিয়াবা অত্যন্ত গৰম অনুভৱ কৰিবলৈ আৰম্ভ কৰে। ৰাতি হঠাতে তেওঁৰ ঘাম ওলাবলৈ আৰম্ভ কৰে। তেওঁ দাবী কৰে যে, ছালখনো ক্ৰমান্বয়ে পাতল হৈ আহিছে।
বৰ বেছি বয়স হোৱা নাই। মাত্ৰ ৫০ বছৰ সম্পূৰ্ণ কৰিছে বলিউডৰ অভিনেত্ৰী টুইংকল খান্নাই। এই বয়সতে বন্ধ হ’ল ঋতুস্ৰাব। যাৰ ফলস্বৰূপে টুইংকলৰ শৰীৰত বিভিন্ন পৰিৱৰ্তন দেখা দিবলৈ আৰম্ভ কৰিছে। মিচেছ ফানি ব’নছে প্ৰতিদিনে বিভিন্ন নতুন অভিজ্ঞতাৰ মাজেৰে পাৰ হৈ আহিছে। শেহতীয়াকৈ সেই অভিজ্ঞতাক লৈয়ে কলম হাতত তুলি ল’লে টুইংকলে । তেওঁ স্পষ্টকৈ ভাৱ প্ৰকাশ কৰিছে যে, পুৰুষৰ খুব ঈৰ্ষা হয়, তেওঁলোকৰ হৰম’ন কমি নাযায়।
ৰজোনিবৃত্তি মানে মহিলাৰ ইষ্ট্ৰজেন হৰম’নৰ নিঃসৰণ কমি যায়। ফলত শৰীৰত কেলচিয়ামৰ অভাৱ হ’ব পাৰে, যাৰ ফলত বাতবিষৰ বিষ আৰু মেজাজ সলনি হ’ব পাৰে। টুইংকলে কয় যে, তেওঁ কেতিয়াবা অত্যন্ত গৰম অনুভৱ কৰিবলৈ আৰম্ভ কৰে। ৰাতি হঠাতে তেওঁৰ ঘাম ওলাবলৈ আৰম্ভ কৰে। তেওঁ দাবী কৰে যে, ছালখনো ক্ৰমান্বয়ে পাতল হৈ আহিছে। তেওঁৰ থুঁতৰিৰ তলত চুলি গজিছে।
টুইংকলৰ মতে, যেতিয়া তেওঁৰ শৰীৰত বিভিন্ন পৰিৱৰ্তন ঘটি থাকে, তাক লৈ অক্ষয় বৰ সচেতন নহয়। টুইংকলে লগতে কয়, ” মূৰত ঘৰ ভাঙি পৰিলেও বা কুকুৰে ডাঙৰকৈ চিঞৰিলেও অক্ষয়ৰ টোপনি নাভাঙে। মোৰ অৱস্থা আই আই টিৰ স্নাতকসকলৰ দৰেই।”
টুইংকল খান্না আৰু অক্ষয় কুমাৰৰ বিবাহৰ ২৪ বছৰ হ’ল। তেওঁলোকৰ প্ৰেম কাহিনী বলীউডত ইমান জনপ্ৰিয় নহয়। কাৰণ, গোপনে প্ৰেম কৰিছিল আৰু তাৰ পাছত বিয়া পাতিছিল। অক্ষয় আৰু টুইংকলে সদায় নিজৰ বিবাহৰ বিষয়টো ব্যক্তিগতভাৱে ৰাখিছে। অৱশ্যে বিভিন্ন টক শ্ব’ত টুইংকলে যি কৈছে, সেই কথাই প্ৰমাণ কৰে যে অক্ষয় আৰু টুইংকলৰ পৰিয়ালটো অতি সুখৰ আৰু আনন্দৰে ভৰা। আৰু এই কথাৰ ইংগিত টুইংকলে লিখা কিতাপখনত পোৱা গৈছে।