শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Dharmendra: ৬৫ বছৰ পূৰ্বে ধৰ্মেন্দ্ৰই কিনিছিল প্ৰথমখন গাড়ী, দাম জানিলে আচৰিত হ’ব?

Dharmendra First Car: বিলাসী জীৱন যাপন কৰে বলীউডৰ কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰই। কোটি কোটি মূল্যৰ তেওঁৰ কেইবাখনো বিলাসী গাড়ী আছে। কিন্তু ৬৫ বছৰ পূৰ্বে কিনা আৰু এতিয়াও লগত থকা অভিনেতাগৰাকীৰ প্ৰথমখন গাড়ীৰ বিষয়ে জানেনে?

Dharmendra: ৬৫ বছৰ পূৰ্বে ধৰ্মেন্দ্ৰই কিনিছিল প্ৰথমখন গাড়ী, দাম জানিলে আচৰিত হ’ব?
ধৰ্মেন্দ্ৰৰ প্ৰথমখন গাড়ী
trishna-kalita
Trishna Kalita | Updated On: 11 Nov 2025 12:22 PM

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ অৱনতি ঘটিছে।  বৰ্তমান মুম্বাইৰ ব্ৰিচ কেণ্ডী হাস্পতালত ভৰ্তি হৈ আছে ৮৯ বছৰীয়া অভিনেতাগৰাকী। তেওঁৰ অৱস্থা সুস্থিৰ আৰু চিকিৎসকৰ নিবিড় তত্বাৱধানত আছে। হিন্দী চিনেমাৰ অন্যতম কিংবদন্তি অভিনেতা হিচাপে গণ্য কৰা ধৰ্মেন্দ্ৰই বিলাসী জীৱন যাপন কৰে। তেওঁ নিজৰ কেৰিয়াৰত অপৰিসীম খ্যাতি আৰু ধন-সম্পত্তি অৰ্জন কৰিছে। তেওঁৰ বিলাসী গাড়ীৰ উল্লেখযোগ্য সংগ্ৰহ আছে। অভিনেতাজনৰ প্ৰথমখন গাড়ীৰ বিষয়ে জানেনে?

হিন্দী চিনেমাত আত্মপ্ৰকাশ কৰা সেই বছৰতে ধৰ্মেন্দ্ৰই প্ৰথমখন গাড়ী ক্ৰয় কৰিছিল। ২০২১ চনত ধৰ্মেন্দ্ৰই তেওঁৰ প্ৰথমখন গাড়ীৰ ভিডিঅ’ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিছিল। তেওঁ প্ৰথমখন গাড়ী কিমান টকাত কিনিছিল সেই কথাও প্ৰকাশ কৰে।

কিমান টকাত কিনিছিল তেওঁৰ প্ৰথমখন গাড়ী?

ধৰ্মেন্দ্ৰৰ প্ৰথম গাড়ী আছিল ফিয়েট। অভিনেতাগৰাকীয়ে চাৰি বছৰ পূৰ্বে, ২০২১ চনৰ ১১ অক্টোবৰত ইনষ্টাগ্ৰামত নিজৰ প্ৰথমখন গাড়ীৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল।কেপচনত তেওঁ লিখিছিল, “বন্ধুসকল, FIAT মোৰ প্ৰথম গাড়ী আছিল…মোৰ মৰমৰ সন্তান…এজন সংগ্ৰামী ব্যক্তিৰ বাবে ঈশ্বৰৰ পৰা এক ডাঙৰ আশীৰ্বাদ। (১৯৬০)।” ভিডিঅ’টোত অভিনেতাজনে কয়, “হেল্ল’ বন্ধুসকল, মোৰ প্ৰথম গাড়ী। মই মাত্ৰ ১৮,০০০ টকাত কিনিছিলো। সেই সময়ত ১৮,০০০ টকা ডাঙৰ কথা আছিল। মই ভালদৰে ৰাখিছো। ভাল লাগে। ইয়াৰ বাবে প্ৰাৰ্থনা কৰক, সদায় মোৰ লগত থাকক।”

 

View this post on Instagram

 

A post shared by Dharmendra Deol (@aapkadharam)

উল্লেখ্য যে, ১৯৬০ চনত ২৫ বছৰ বয়সত হিন্দী চিনেমাত অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে ধৰ্মেন্দ্ৰই।তেওঁৰ প্ৰথম ছবি আছিল “দিল ভি তেৰা হাম ভি তেৰে”। বলীউডত কাম কৰাৰ পূৰ্বে ধৰ্মেন্দ্ৰই মুম্বাইৰ গেৰেজ আৰু ড্ৰিলিং ফাৰ্মত কাম কৰিছিল।

ধৰ্মেন্দ্ৰৰ গাড়ী সংগ্ৰহ

ধৰ্মেন্দ্ৰৰ ফিয়েটৰ বাহিৰেও আন কেইবাখনো বিলাসী গাড়ী আছে। ইয়াৰ উপৰিও তেওঁৰ অ’ডি A8, পৰ্ছে কেয়েন, মাৰ্চিডিজ বেঞ্জ এছ ক্লাছ (Mercedes-Benz S-Class), লেণ্ড ৰভাৰ ৰেঞ্জ ৰভাৰ, মাৰ্চিডিজ বেঞ্জ SL500 আদি বিলাসী গাড়ী আছে। অভিনেতাগৰাকীৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৪৫০ কোটি টকা বুলি অনুমান কৰা হৈছে।

লগতে পঢ়ক: ৫১ টকাৰে আৰম্ভ হৈছিল ধৰ্মেন্দ্ৰৰ অভিনয় যাত্ৰা…জানক পঞ্জাৱৰ এখন গাঁৱৰ পৰা ছুপাৰষ্টাৰ হোৱাৰ কাহিনী