শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মনছুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰে শৰ্মিলাই, পিছত সলনি কৰে নেকি নাম?

মনছুৰে এই চৰ্তটো অতি গুৰুত্বসহকাৰে লৈছিল। পৰৱৰ্তী মেচত নবাবে একেৰাহে তিনিটা বলত তিনিটা ছয় মাৰি শৰ্মিলাক চিৰদিনৰ বাবে নিজৰ কৰি লৈছিল। ইয়াৰ পিছত বৰ ধুমধামেৰে বিয়া পাতে।

মনছুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰে শৰ্মিলাই, পিছত সলনি কৰে নেকি নাম?
মনছুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰে শৰ্মিলাই
barasha-misra
Barasha Misra | Published: 15 Aug 2025 14:35 PM

গালত ডিম্পল থকা সুন্দৰ ছোৱালীজনীক কলকাতাৰ পৰা লৈ যায় এজন ৰাজকুমাৰে। ছোৱালীজনীও সাইলাখ দেৱীৰ দৰে…তেওঁ ঠাকুৰ পৰিয়ালৰ মৰমৰ ৰিংকু। চিনেমা আৰু টিভি শ্ব’ত কাম কৰি আহিছিল, কিন্তু সেইটো ডাঙৰ কথা নহয়। কেৱল বংগতে নহয়, মুম্বাইতো তেওঁৰ যথেষ্ট জনপ্ৰিয়তা আছে।

এয়া কিছুবছৰ আগৰ কথা… সকলোৰে হৃদয় জয় কৰা সেইগৰাকী সুন্দৰী হৈছে শৰ্মিলা ঠাকুৰ, যাক মৰমতে ৰিংকু বুলি মাতিছিল। নবাব পৰিয়ালৰ মনছুৰ আলী খান পাটৌদিৰ লগত তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল। সকলোৱে মনছুৰক টাইগাৰ পটৌদি বুলি মাতিছিল। এসময়ত তেওঁ ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি অধিনায়ক আছিল। এজন উমৈহতীয়া বন্ধুৰ জৰিয়তে শৰ্মিলাক লগ পাইছিল। তেতিয়াৰ পৰাই দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পায় আৰু শেষত বিবাহশপাশত আৱদ্ধ হয়। কিন্তু শৰ্মিলাই বিয়াৰ আগতে মনছুৰক এটা চৰ্ত দিছিল।

মনছুৰৰ ক্ৰিকেটৰ বিষয়ে শৰ্মিলাই বিশেষ একো নাজানিছিল। মনছুৰেও শৰ্মিলাৰ ছবিবোৰো প্ৰায়েই চোৱা নাছিল। অৱশ্যে শৰ্মিলা ক্ৰিকেট ষ্টেডিয়ামলৈ গৈ খেল চাবলৈ গৈছিল। চৰ্ত অনুসৰি, “এই মেচখনত যদি আপুনি তিনিটা বলত একেৰাহে তিনিটা ছয় মাৰিব পাৰে, তেন্তে মই আপোনাৰ সৈতে বিয়া হম।” মনছুৰে এই চৰ্তক অতি গুৰুত্বসহকাৰে লৈছিল। পৰৱৰ্তী মেচত নবাবে তিনিটা বলত একেৰাহে তিনিটা ছয় মাৰি শৰ্মিলাক চিৰদিনৰ বাবে নিজৰ কৰি লয়। সেই ৰাজকীয় বিয়াত চিনেমা আৰু ক্ৰিকেট জগতৰ বহু তাৰকা উপস্থিত আছিল।

মনছুৰ এতিয়া নাই যদিও, তেওঁৰ ‘আয়েছা বেগম! মনছুৰৰ সৈতে বিয়া হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পিছত শৰ্মিলাৰ নাম সলনি হৈছিল। এতিয়া সন্তান আৰু নাতি-নাতিনীক লৈ ব্যস্ত। তেওঁৰ গালত এতিয়াও ডিম্পল আছে। এগৰাকী সাহসী নাৰী, যিয়ে বিয়াৰ পূৰ্বে প্ৰেমিকক কৈছিল, ‘মোৰ বাবে তিনিটা বলত তিনিটা ছয় মাৰিব পাৰিবানে?