শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৪১ বছৰৰ পিছত ‘ককা দেউতা নাতি আৰু হাতী-২’, আজি ছবিখনৰ FIRST LOOK মুকলি

ছবিগৃহলৈ আহি আছে অসমীয়া ছবি 'ককা দেউতা নাতি আৰু হাতী ২'। একালৰ অসমীয়া হিট ছবিখন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। আজি ছবিখনৰ FIRST LOOK মুকলি। এই ছবিখনত কোন কোন অভিনেতা-অভিনেত্ৰীয়ে কৰিব অভিনয় আৰু অসমৰ মুখ্যমন্ত্ৰীকো দেখিব নেকি? সবিশেষ জানো আহক...

৪১ বছৰৰ পিছত ‘ককা দেউতা নাতি আৰু হাতী-২’, আজি ছবিখনৰ  FIRST LOOK মুকলি
ছবিগৃহলৈ আহি আছে অসমীয়া ছবি 'ককা দেউতা নাতি আৰু হাতী ২'
barasha-misra
Barasha Misra | Updated On: 06 Aug 2025 17:03 PM

সময়ে গৰকা এটি কাহিনীয়ে লাভ কৰিব এক নতুন গতি, নতুন ৰূপ। ‘ককা দেউতা নাতি আৰু হাতী ‘ এনে এটা কাহিনী, যি এটা সম্পূৰ্ণ প্ৰজন্মৰ শৈশৱক দিছিল এক নষ্টালজিক সময়। অনুভৱৰ বুকুত গঢ়লৈ উঠা সেই চিনেমাখনৰ কাহিনীৰ পাছত, এতিয়া এক নতুন কাহিনীৰ সৃষ্টি হৈছে। শীঘ্ৰে দৰ্শকৰ মাজলৈ আহিব ‘ককা দেউতা নাতি আৰু হাতী’ৰ দ্বিতীয় অধ্যায়।

এতিয়া একালৰ অসমীয়া হিট ছবিখন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। ৰিণিকি ভূঞা শৰ্মাৰ সামগ্ৰিক উপস্থাপনেৰে নিৰ্মাণ কৰা এই ছবিখন পৰিচালনা কৰিছে বিশ্বজিৎ বৰাই। আজি হোটেল ৰেডিচন ব্লুত ছবিখনৰ FIRST LOOK মুকলি কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে প্ৰাইড ইষ্টৰ CMD ৰিণিকি ভূঞা শৰ্মা আৰু পৰিচালক বিশ্বজিৎ বৰা।

Kdnah Static

প্ৰথমখন ‘ককাদেউতা নাতি আৰু হাতী’ ছবিখন এন. চি প্ৰডাকচনৰ বেনাৰত ১৯৮৩ চনৰ ১৮ নৱেম্বৰত মুক্তি পাইছিল। ছবিখন পৰিচালনা কৰিছিল নিপ বৰুৱাই আৰু প্ৰযোজনা কৰিছিল এন.চি. দত্তই। ৮০ৰ দশকত এই চলচ্চিত্ৰখনে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। বাল্যকালত এই ছবিখনত হাতীৰ ওপৰত উঠি গীত গাই অভিনয় কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো। আজিও ‘ককাদেউতা নাতি আৰু হাতী’ ছবিখনৰ এক দুই তিনি চাৰি গীতটোৱে দৰ্শকৰ মৰম বুটলি আছে। শীঘ্ৰেই ছবিগৃহলৈ আহিব ৮০ দশকৰ জনপ্ৰিয় ছবি ‘ককা দেউতা নাতি আৰু হাতী’ৰ ছিকুৱেল।

‘ককা দেউতা নাতি আৰু হাতী ২’ ত কোন কোন থাকিব?

এই ছবিখনত প্ৰাঞ্জল শইকীয়া, তপন দাস, আদিল হুছেইন, যতীন বৰা, উৎপল দাস, প্ৰস্তুতি পৰাশৰ, প্ৰীতি কংগণা, পংকজ মহন্ত,দেৱজীত মজুমদাৰ, শ্ৰেয়া বৰঠাকুৰ আৰু সিদ্ধান্ত কলিতাই অভিনয় কৰিছে। ইয়াৰে কাহিনী ভাস্কৰ হাজৰিকাৰ, চিত্ৰনাট্য প্ৰদীপ দৈমাৰীৰ আৰু শ্বেতা ভেংকটৰ সম্পাদনাই নতুন ৰূপ লাভ কৰিছে।

ছবিখনত অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইৰ শব্দ পৰিকল্পনা, আৱাহ সংগীত অজয় সিংহৰ। ইফালে অসমৰ সংগীতজগতৰ বহুকেইটা চিনাকী কণ্ঠ শুনা পাব ছবিখনৰ সংগীতত। দ্বীপেন বৰুৱা, তৰালি শৰ্মা, জয়, এৰিকা এন, অৰুপজ্যোতি বৰুৱা, নাহিদ আফ্ৰিন আৰু প্ৰবীন বৰাই কণ্ঠদান কৰিব।

নৃত্য পৰিচালনা কৰিছে শেৰিফ আৰু পংকজ ইংতিয়ে আৰু এক্সন পৰিচালনা কৰিছে ৰাজেশ কন্নানৰে, যিয়ে বলীউডতো কাম কৰিছে।

আজি FIRST LOOK মুকলি অনুষ্ঠানত ৰিণিকি ভূঞা শৰ্মা আৰু পৰিচালক বিশ্বজিৎ বৰাই ছবিখনকলৈ আশাবাদী বুলি সংবাদমাধ্যমক জনায়। ১৯৮৩ চনত মুক্তি পোৱা ককাদেউতা নাতি আৰু হাতীত শিশুৰ চৰিত্ৰত অভিনয় কৰা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থাকিবনে নাই সেই বিষয়ে কিন্তু কোনো তথ্য প্ৰকাশ কৰা নাই। ইয়াৰোপৰি এই ছবিখনত অতীত আৰু বৰ্তমানৰ কাহিনী সংমিশ্ৰণ হ’ব বুলি জনাই পৰিচালক বিশ্বজিত বৰাই।

কেতিয়া মুক্তি পাব?

২১ নৱেম্বৰত মুকলি অসমীয়া ছবিগৃহলৈ আহিব ‘ককা দেউতা নাতি আৰু হাতী’ ছবিখন। প্ৰথমে অসমীয়া ভাষাত আৰু পিছত ইংৰাজী ভাষাত মুক্তি পাব পাৰে বুলিও কয় প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ তৰফৰ পৰা।