প্ৰযুক্তি-সঞ্চয়ৰ অভিনৱ মিশ্ৰণ! কিদৰে ৰাফেলতকৈ ফলপ্ৰসূ হৈছে তেজছ?
ৰাফেলৰ মূল্যৰ তুলনাত তেজছৰ মূল্য যথেষ্ট কম। প্ৰকাশিত তথ্য মতে এখন ৰাফেলৰ দাম প্ৰায় ২১০ মিলিয়ন ডলাৰ (প্ৰায় ১৮০০ কোটি টকা)। কিন্তু তেজছ মাৰ্ক ২ যুদ্ধ বিমান ৭০-৮০ মিলিয়ন ডলাৰ (প্ৰায় ৬০০ৰ পৰা ৭০০ কোটি টকা) মূল্যত উপলব্ধ হয়। এইদৰে ১ খন ৰাফেলৰ দৰতে ৩ খন তেজছ যুদ্ধ বিমান ক্ৰয় কৰিব পাৰি।
এতিয়া নতুন লক্ষ্যৰ দিশত আগবাঢ়িছে নতুন ভাৰত। সামৰ্থ্যৰ বাহিৰত খৰচ কৰাৰ পৰিৱৰ্তে ভাৰতে এতিয়া নূন্যতম খৰচেৰেই আকাশত আধিপত্য বজাই ৰখাৰ লক্ষ্য লৈছে। সেয়ে এতিয়া দেশে হিন্দুস্তান এৰ’নটিক্স লিমিটেডৰ তেজছ যুদ্ধ বিমানৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি কৰিছে। ইতিমধ্যে ৰাফেলে ভাৰতত নিজা বিমান শ্বেল নিৰ্মাণৰ পদক্ষেপ লৈছে। কিন্তু ৰাফেলৰ মূল্যৰ তুলনাত তেজছৰ মূল্য যথেষ্ট কম। প্ৰকাশিত তথ্য মতে এখন ৰাফেলৰ দাম প্ৰায় ২১০ মিলিয়ন ডলাৰ (প্ৰায় ১৮০০ কোটি টকা)।
কিন্তু তেজছ মাৰ্ক ২ যুদ্ধ বিমান ৭০-৮০ মিলিয়ন ডলাৰ (প্ৰায় ৬০০ৰ পৰা ৭০০ কোটি টকা) মূল্যত উপলব্ধ হয়। এইদৰে ১ খন ৰাফেলৰ দৰতে ৩ খন তেজছ যুদ্ধ বিমান ক্ৰয় কৰিব পাৰি। সাধাৰণতে বিমানৰ দৰ কম হ’লেই ক্ৰয় কৰা উচিত নে বুলি প্ৰশ্নৰ উত্থাপন হ’ব পাৰে। কিন্তু তেজছৰ গুণে এনে প্ৰশ্নৰ সঠিক উত্তৰ প্ৰদান কৰে।