গামোচাত জুবিনৰ ন্যায়ৰ দাবী লিখি পশ্চিমবংগৰ দক্ষিণেশ্বৰত অসমৰ যুৱক…
Zubeen Garg: সকলোৱে এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অপেক্ষা কৰি আছে। ইয়াৰ মাজতে পশ্চিমবংগৰ দক্ষিণেশ্বৰত উপস্থিত হৈছে এজন যুৱক। অসমৰ এইজন যুৱকে গামোচাত লিখি জুবিনৰ ন্যায়ৰ দাবী জনাইছে।
সম্পূৰ্ণ হ’ল জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ। জুবিন গাৰ্গৰ মৃত্যুৰ শোক এতিয়াও পাহৰিব পৰা নাই অসমবাসীয়ে। সকলোৱে এতিয়া কেৱল অপেক্ষা কৰি আছে জুবিন গাৰ্গৰ বাবে ন্যায়ৰ। ইতিমধ্যে সামাজিক মাধ্যমত #JusticeForZubeenGarg এ ২ মিলিয়ন সম্পূৰ্ণ কৰিছে। ইয়াৰ মাজতে পশ্চিমবংগৰ দক্ষিণেশ্বৰত উপস্থিত হৈছে অসমৰ এজন যুৱক। গামোচ এখনত যুৱকজনে #JusticeForZubeenGarg জয় আই অসম লিখি ন্যায়ৰ দাবী জনোৱা দেখা যায়। তেওঁ কয়, একমাত্ৰ জুবিনৰ বাবে তেওঁ দক্ষিণেশ্বৰত উপস্থিত হৈ মাক প্ৰাৰ্থনা জনাইছে।
উল্লেখ্য যে, ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত মৃত্যুক সাৱতি লৈছিল জুবিন গাৰ্গে। এই ঘটনা সন্দৰ্ভত এতিয়ালৈকে ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। সকলোৱে এতিয়া ন্যায়ৰ দাবী কৰি আছে। ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিভিন্ন ঠাইৰ পৰা মানুহে জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি আছে।