মগজু সুস্থ কৰি ৰখাত সহায় কৰে এই চাৰিবিধ খাদ্যই

21 Oct 2025

TV9 ASSAM

বৰ্তমানৰ ব্যস্ততাময় জীৱনশৈলীত স্মৃতিশক্তি হ্ৰাসৰ সমস্যা বহুলোকৰ ক্ষেত্ৰত দেখা যায়। সেয়ে মগজুৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়াটো অতি প্ৰয়োজনীয়।

মগজুৰ স্বাস্থ্য

মগজু সুস্থ কৰি ৰাখিবলৈ আমি দৈনন্দিন খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগে। জানো আহক মগজুৰ স্বাস্থ্য বিকশিত কৰা চাৰিবিধ খাদ্যবস্তুৰ বিষয়ে।

খাদ্যাভ্যাস

চুপাৰফুড আলমণ্ডত ভিটামিন ই, প্ৰটিন, ফাইবাৰ যথেষ্ট পৰিমাণে পোৱা যায়। লগতে এণ্টিঅক্সিডেণ্ট গুণে মগজুৰ কোষক অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা ৰক্ষাত সহায় কৰে।

আলমণ্ড

ওমেগা ৩ৰ লগতে এণ্টিঅক্সিডেণ্ট, পলিফিনলৰ দৰে পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ আখৰোটে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লগতে মগজুৰ কোষক ক্ষতিৰ পৰা ৰক্ষা কৰে।

আখৰোট

ভিটামিন কে, এণ্টিঅক্সিডেণ্টৰ লগতে অন্যান্য পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে উপলব্ধ পাচলি ব্ৰকলি মগজুৰ শক্তি বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট উপকাৰী বিবেচিত হয়।

ব্ৰকলি

মিঠা আলুত উপলব্ধ বিটা-কেৰাটিনে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। লগতে ইয়াত পোৱা জটিল কাৰ্বহাইড্ৰেটে দেহত কৰ্টিছলৰ মাত্ৰা হ্ৰাস কৰে, ফলত মানসিক চাপ হ্ৰাস পায়।

মিঠা আলু

পঢ়িবলৈ ক্লিক কৰক 

নিশা এনে খাদ্য খালে ওজন নিয়ন্ত্ৰণত হ'ব বিফল