21 OCT 2025
TV9 ASSAM
স্বৰ্গ আৰু নৰকৰ প্ৰাপ্তি আমাৰ কৰ্মৰ ভিত্তিত হয়। ভাল কাম কৰিলে স্বৰ্গত আৰু পাপ কৰ্ম কৰিলে নকৰত স্থান পোৱা বুলি বিশ্বাস কৰা হয়। মান্যতা অনুসৰি, যমৰাজে আত্মাক কৰ্ম অনুসৰি শাস্তি বা পুৰষ্কাৰ দিয়ে।
গৰুড় পুৰাণত বিভিন্ন দিশৰ কথা উল্লেখ আছে। এই পৌৰাণিক গ্ৰন্থত উল্লেখ আছে মৃত্যুৰ পাছত আত্মা কলৈ যায় বা কি হয়। ইয়াৰ বিষয়ে সবিশেষ উল্লেখ কৰা হ'ল।
গৰুড় পুৰাণৰ ১৪ নং অধ্যায়ত উল্লেখ আছে যে, যেতিয়া কোনো আত্মা মৃত্যুৰ পাছত যমলোকত উপস্থিত হয় তেতিয়া তেওঁৰ সন্মুখত ১২,৮০০ কিলোমিটাৰ পৰিসৰ, চাৰি দুৱাৰে আৱৰা নগৰ ধৰ্মৰাজপুৰ আহে।
গৰুড় পুৰাণত উল্লেখ থকা অনুসৰি, এই ধৰ্মৰাজপুৰ নগৰীৰ চাৰিওফালে চাৰিওটা দিশত চাৰিখন ডাঙৰ দুৱাৰ আছে। য'ত মৃত্যু দেৱতা যমৰাজে নিজে বাস কৰে।
যি ব্যক্তিয়ে দয়া,দান,ভক্তি,সত্য আৰু মাতৃ-পিতৃৰ সেৱা কৰে তেনে পুণ্য আত্মাই উত্তৰ আৰু পশ্চিম দুৱাৰেদি প্ৰৱেশ কৰিব পাৰে। এনে আত্মাই সুখ-সুবিধা আৰু সন্মান লাভ কৰে।
ইয়াৰ বিপৰীতে যিসকলে ব্ৰাহ্মণ হত্যা, শিশু হত্যা,বিশ্বাসঘাটকতা, পিতৃ-মাতৃক কষ্ট, পূৰ্বপুৰুষক অসন্মান, গো হত্যা আদিৰ দৰে মহাপাপ কৰে তেনে লোকে দক্ষিণৰ ভয়ংকৰ দুৱাৰেদি প্ৰৱেশ লাভ কৰে।
এই দিশটো অত্যন্ত কষ্টদায়ক আৰু ভয়ংকৰ হয়। ইয়াত পাপী আত্মাসমূহে ভয়ত কপি উঠে আৰু দয়াৰ ভিক্ষা কৰে। কোৱা হয় ইয়াত যমৰাজৰ ভয়ংকৰ ৰূপ দেখা যায়।
পঢ়িবলৈ ক্লিক কৰক