শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Fighter Jet: আপুনিও ক্ৰয় কৰিব পাৰে যুদ্ধ বিমান! জানক ইয়াৰ প্ৰক্ৰিয়া...

Fighter Jet: আপুনিও ক্ৰয় কৰিব পাৰে যুদ্ধ বিমান! জানক ইয়াৰ প্ৰক্ৰিয়া…

Barasha Sarma
Barasha Sarma | Published: 20 Oct 2025 18:48 PM

Fighter Jets: আপুনি নিশ্চয় ফাইটাৰ জেট দেখিছে। বহুতে যুদ্ধ বিমান ক্ৰয় কৰাৰ সপোন দেখে। কিন্তু এখন যুদ্ধ বিমান ক্ৰয় কৰাৰ প্ৰক্ৰিয়া অতি দীঘলীয়া। ইয়াৰ বিষয়ে জানেনে?

আপুনি নিশ্চয় যুদ্ধ বিমানৰ কথা জানে। ভাৰতৰো আছে যুদ্ধ বিমান। এই সামৰিক বিমানৰ ভিডিঅ’ হয়তো বহুতে সামাজিক মাধ্যমত দেখিছে বা ফটো দেখিছে। এই যুদ্ধ বিমান ক্ৰয় কৰাৰ সপোন বহুতে দেখে। কিন্তু এই বিমান ক্ৰয় কৰা সহজ নহয়। ইয়াৰ বাবে এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব লাগে।

প্ৰশ্ন হয়, সাধাৰণ মানুহে ফাইটাৰ জেট ক্ৰয় কৰিব পাৰে নে নাই? আচলতে সেৱাত থকা ফাইটাৰ জেট ক্ৰয় কৰিব নোৱাৰিলেও অৱসৰ লোৱা বিমান ক্ৰয় কৰিব লাগে। অৱশ্যে ইয়াৰ প্ৰক্ৰিয়া দীঘলীয়া। যাৰ বাবে ফাইটাৰ জেট ক্ৰয় কৰা বহুতৰে বাবে এক সপোন মাত্ৰ। এতিয়ালৈকে টম ক্ৰুজৰ দৰে চেলিব্ৰিটি বা প্ৰাক্তন সামৰিক পাইলটেহে এই বিমান ক্ৰয় কৰিবলৈ সক্ষম হৈছে।