মন্দিৰ দৰ্শনৰ সময়ত মাহেকীয়া হ'লে কি কৰিব?

21  OCT 2025

TV9 ASSAM

প্ৰেমানন্দ মহাৰাজে ভক্তসকলক বিভিন্ন সমস্যাৰ সমাধান দিয়ে। প্ৰতিদিনে বহু ভক্ত তেওঁৰ ওচৰলৈ যায় আৰু নিজৰ নিজৰ সমস্যাৰ সমাধান বিচাৰে। পাছত মহাৰাজে মাগদৰ্শন কৰে।

প্ৰেমানন্দ মহাৰাজ

ইয়াৰ মাজতে এগৰাকী মহিলাই প্ৰশ্ন কৰে যে, তীৰ্থ যাত্ৰাৰ সময়ত হঠাতে মহিলাৰ মাহেকীয়া আৰম্ভ হ'লে কি কৰা উচিত?

প্ৰশ্ন

ইয়াৰ উত্তৰ দিয়ে প্ৰেমানন্দ মহাৰাজে। তেওঁ কয় যে, মাহেকীয়া কোনো নিন্দনীয় কথা নহয়। এয়া আচলতে বহু ভাল কথা। মহিলাসকলে দেৱৰাজ ইন্দ্ৰৰ ব্ৰহ্মহত্যাক নিজৰ ওপৰত লৈছিল।

উত্তৰ

মহাৰাজে আৰু কয়, এয়া কোনো অপৰাধ নহয়।  ই নিন্দনীয় হ'বই নোৱাৰে। ইয়াৰ আঁৰত ৰহস্য আছে। তেওঁ কয়, ইন্দ্ৰই ব্ৰাহ্মণৰ গুৰুক হত্যা কৰিছিল বাবে তেওঁৰ ওপৰত ব্ৰহ্মহত্যাৰ পাপ লাগিছিল।

আৰু কি কয়

এই পাপৰ প্ৰায়শ্চিত্তৰ বাবে ইন্দ্ৰই ভগৱান বিষ্ণুৰ পৰামৰ্শ মতে নিজৰ পাপক মাটি,পানী,গছ আৰু নাৰী বুলি চাৰি ভাগত ভাগ কৰিছিল।  এয়া নাৰীৰ মাহেকীয়া হিচাপত হয়।

পাপ

গতিকে তেওঁলোকক ভক্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰে। যেতিয়া এনে অৱস্থাত মাহেকীয়া হয় তেতিয়া ভগৱানক প্ৰাৰ্থনা কৰিব পাৰি। ভগৱানৰ মূৰ্তি স্পৰ্শ নকৰি তেওঁক দৰ্শন কৰিব পাৰে।

আৰু কি কৰিব

মহাৰাজে আৰু কয় যে, কোনোবাই মনত ভক্তি লৈ দূৰৰ পৰা ভগৱানৰ দৰ্শনৰ বাবে যাব, এনে অৱস্থাত তেওঁ দৰ্শন কৰিব লাগে। কিয়নো এয়া কোনো বেয়া কথা নহয়। 

আৰু কি কয়

পঢ়িবলৈ ক্লিক কৰক

কলিযুগ