শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শ্যামকানুহঁতক কঢ়িয়াই নিয়া বাহনলৈ শিলগুটি-জোতা-ছেণ্ডেল দলিয়াই ‘জয় জুবিনদা’ ধ্বনি একাংশৰ

আৰক্ষীৰ বাধাকো নেওচি 'জয় জুবিন দা' ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে একাংশ লোকে। লগে লগে শিলগুটি আৰু জোতা-চেণ্ডেল নিক্ষেপ কৰে বাহনলৈ। আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হোৱা কেবাজনকো আটক কৰা বুলি জানিব পৰা গৈছে। 

শ্যামকানুহঁতক কঢ়িয়াই নিয়া বাহনলৈ শিলগুটি-জোতা-ছেণ্ডেল দলিয়াই ‘জয় জুবিনদা’ ধ্বনি একাংশৰ
বাক্সা কাৰাগাৰৰ সমুখত উত্তেজনা
raj-saikia
Raj Saikia | Updated On: 15 Oct 2025 15:51 PM

কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে বাক্সা জিলাৰ নিকাছিস্থিত জিলা কাৰাগাৰলৈ লৈ যোৱা হ’ল জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাসহ পাঁচজনক। চিআইডিৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পাছত আজি তেওঁলোকক হাজিৰ কৰোৱা হয় আদালতত।

তাৰ পাচতেই আদালতে তেওঁলোকক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখনীয়ভাৱে তেওঁলোকৰ সপক্ষে ওকালতি কৰিবলৈ প্ৰস্তুত নহ’ল কোনো অধিবক্তা। আনকি কোনো এজনৰ বাবে জামিন আবেদনো কৰা নহ’ল।

নিৰাপত্তাজনিত কাৰণত তেওঁলোকক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত নাৰাখি বাক্সা জিলাত দুমাহ পূৰ্বে উদ্বোধন কৰা নতুন কাৰাগাৰখনলৈ লৈ যোৱা হয়। এই কাৰাগাৰত নাছিল কোনো কাৰাবন্দী। শ্য়ামকানু মহন্তহঁতক লৈ যোৱা বাহনখনে কাৰাগাৰত প্ৰৱেশ কৰাৰ সময়তেই একাংশ লোকে শিলগুটি নিক্ষেপ কৰা দেখা যায়। এই ঘটনাত সাংবাদিকসহ কেবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।

আৰক্ষীৰ বাধাকো নেওচি ‘জয় জুবিন দা’ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে একাংশ লোকে। লগে লগে শিলগুটি আৰু জোতা-চেণ্ডেল নিক্ষেপ কৰে বাহনলৈ। আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হোৱা কেবাজনকো আটক কৰা বুলি জানিব পৰা গৈছে।

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে অসম চৰকাৰে গঠন কৰি দিয়া চিআইডিৰ বিশেষ তদন্তকাৰী গোটে ১৪ দিনৰ বাবে জিম্মাত লৈছিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰায় ১১ দিন পাছত যোৱা ১ অক্টোবৰত দিল্লীত দুয়োকে গ্ৰেপ্তাৰ কৰি লৈ অহা হয় গুৱাহাটীলৈ। আদালতত হাজিৰ কৰোৱাৰ পাছত দুয়োকে সোধা-পোছাৰ বাবে ১৪ দিনৰ জিম্মাত লয় এছ আই টিয়ে। কালি তেওঁলোকৰ ম্যাদৰ অন্ত পৰে।

আনহাতে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা অসম আৰক্ষীৰ বিষয়া সন্দিপন গাৰ্গকো যোৱা ৮ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হয়। সন্দিপনক ৭ দিনৰ জিম্মাত লৈছিল চি আই ডিয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ছিংগাপুৰত শিল্পীগৰাকীৰ সৈতেই আছিল সন্দিপন গাৰ্গ।

ইয়াৰ লগতে গ্ৰেপ্তাৰ কৰা হৈছিল জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যকো। আজি তেওঁলোকৰ চি আই ডি জিম্মাৰ ম্যাদ অন্ত পৰে। লগে লগে তেওঁলোকক আদালতত হাজিৰ কৰোৱাৰ পাছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। এতিয়া বাক্সাৰ এই অত্যাধুনিক সুবিধাযুক্ত কাৰাগাৰেই হ’ব এই কেইজন অভিযুক্তৰ নতুন ঠিকনা।