শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বাক্সা জিলা কাৰাগাৰৰ সমুখত উত্তেজনা, দুষ্কৃতিকাৰীয়ে জ্বলালে আৰক্ষীৰ বাহন, শূন্যলৈ গুলীচালনা আৰক্ষীৰ

একাংশ লোকে প্ৰতিবাদৰ অচিলাৰে শিলগুটি, জোতা-ছেণ্ডেল আজি নিক্ষেপ কৰে বাহনলৈ। এই সংঘৰ্ষত আৰক্ষী, স্থানীয় সাংবাদিক আৰু কেইবাজনো বাসিন্দা আহত হয়। আনকি একাংশ উত্তেজিত লোকে অগ্নিসংযোগ কৰে আৰক্ষীৰ বাহনত

বাক্সা জিলা কাৰাগাৰৰ সমুখত উত্তেজনা, দুষ্কৃতিকাৰীয়ে জ্বলালে আৰক্ষীৰ বাহন, শূন্যলৈ গুলীচালনা আৰক্ষীৰ
বাক্সাত উত্তেজনা
raj-saikia
Raj Saikia | Updated On: 15 Oct 2025 16:26 PM

বুধবাৰে বাক্সা জিলা কাৰাগাৰৰ সমুখত সৃষ্টি হয় তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ৫ অভিযুক্তক কঢ়িয়াই অনা বাহনসমূহৰ ওপৰত একাংশ ক্ষুব্ধ ৰাইজে আক্ৰমণ কৰাৰ পিছতেই উত্তেজনাৰ সৃষ্টি হয়। পৰিস্থিতি দ্ৰুতগতিত অৱনতি ঘটে আৰু এই হিংসা অনিয়ন্ত্ৰিত হৈ পৰে।

একাংশ লোকে প্ৰতিবাদৰ অচিলাৰে শিলগুটি, জোতা-ছেণ্ডেল আজি নিক্ষেপ কৰে বাহনলৈ। এই সংঘৰ্ষত আৰক্ষী, স্থানীয় সাংবাদিক আৰু কেইবাজনো বাসিন্দা আহত হয়। আনকি একাংশ উত্তেজিত লোকে অগ্নিসংযোগ কৰে আৰক্ষীৰ বাহনত।

খবৰ অনুসৰি নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, এ পি এছ বিষয়া সন্দিপন গাৰ্গ আৰু জুবিন গাৰ্গৰ দুজন ব্যক্তিগত নিৰাপত্তাৰক্ষীক কাৰাগাৰলৈ লৈ যোৱা আৰক্ষীৰ কনভয়ত শিলগুটি নিক্ষেপ কৰা হয়। ইয়াৰ পূৰ্বে গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশ (চিজেএম)ৰ আদালতত হাজিৰ কৰোৱা হৈছিল তেওঁলোকক। আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত অভিযুক্তক বক্সালৈ স্থানান্তৰ কৰা হৈছিল।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, কনভয় কাৰাগাৰৰ চৌহদৰ কাষ চাপি অহাৰ লগে লগে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি শ্লোগান দি প্ৰৱেশদ্বাৰত এক বৃহৎ জনসমাগম সমবেত হয়। একাংশ ব্যক্তিয়ে বাহনসমূহলৈ শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে প্ৰতিবাদে হিংসাত্মক ৰূপ লয়। আন বাহনৰ খিৰিকী ভাঙি কেইবাজনো যাত্ৰী আহত হয়।

বিশৃংখলতাৰ মাজতে এখন আৰক্ষীৰ বাহন অচিনাক্ত দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়াৰ ফলত অঞ্চলটোত আতংকৰ সৃষ্টি হয়। কাৰাগাৰৰ চৌহদৰ ভিতৰত শিলগুটি নিক্ষেপ হোৱাৰ ফলত সা-সম্পত্তিৰ ক্ষতি হোৱাৰ লগতে নিৰাপত্তাৰক্ষীয়ে এই উত্তেজনা দমন কৰিবলৈ শূন্যলৈ কেবাজাঁইয়ো গুলী চলাবলৈ বাধ্য হোৱা বুলি বিষয়াসকলে নিশ্চিত কৰিছে।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ওচৰৰ থানাসমূহৰ পৰা অতিৰিক্ত আৰক্ষী বাহিনীক ততাতৈয়াকৈ সেই স্থানলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ পিছতে জ্বলি থকা বাহনখন নুমুৱাবলৈ অগ্নিনিৰ্বাপক বাহিনীৰ লোকো উপস্থিত হয়।