TV9 ASSAM
ভিটামিন E এবিধ ফেট চলিউবল এন্টিঅক্সিডেন্ট, যিয়ে ছাল সুস্থ আৰু ধুনীয়া কৰি ৰখাত সহায় কৰে। লগতে ই ইমিউন চিষ্টেম মজবুত কৰে। চকুৰ স্বাস্থ্য আৰু তেজৰ চলাচল ভাল কৰে।
শৰীৰৰ বাবে ভিটামিন E অতি জৰুৰী। ভিটামিন E ৰ অভাৱ হ'লে কিছুমান বিশেষ লক্ষণ দেখা দিয়ে। ইয়াক আওকান কৰা উচিত নহয়।ইয়াৰ কিছুমান লক্ষণ লেখাটোত উল্লেখ কৰা হ'ল।
ডাঃ সুভাষ গিৰীয়ে কয় যে, ভিটামিন E স্নায়ু আৰু পেশীৰ বাবে প্ৰয়োজনীয়। ইয়াৰ অভাৱ হোৱাৰ ফলত পেশী দুৰ্বল,ভাগৰুৱা, কঁপনি আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে।
ভিটামিন E ৰ অভাৱ হোৱাৰ ফলত চকুৰ কোষ ক্ষতিগ্ৰস্ত হয় আৰু ৰেটিনাৰ কাম-কাজ দুৰ্বল হয়। ইয়াৰ লগতে দৃষ্টিশক্তিটো প্ৰভাৱ পৰে। ইয়াৰ ফলত ধোঁৱা ধোঁৱা দেখিব পাৰে আৰু চকুত জ্বলা-পোৰা হ'ব পাৰে।
ভিটামিন E য়ে স্নায়ুক সুৰক্ষিত কৰি ৰাখে। ইয়াৰ অভাৱত মগজু আৰু পেশীৰ সংযোগ কমি যায়। এনে অৱস্থাত ব্যক্তিয়ে খোজকঢ়াত সমস্যা পাব পাৰে। কেতিয়াবা খোজকঢ়াত কঁপনি হ'ব পাৰে।
ভিটামিন E ৰ অভাৱ হ'লে ছালতো প্ৰভাৱ পৰে। ইয়াৰ ফলত ছাল শুকান,শেতা বা ফাটিব পাৰে। লগতে ক'লা দাগ, ছাল জ্বলা-পোৰা আদি সমস্যা হ'ব পাৰে।
ইয়াৰ ফলত শৰীৰ দুৰ্বল হ'ব পাৰে। ভিটামিন E ৰ অভাৱৰ ফলত সঘনাই বেমাৰ হ'ব পাৰে। বাৰে বাৰে চৰ্দি, কাহ আদি হোৱাৰ সম্ভাৱনা থাকে। অধিক তথ্যৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।
পঢ়িবলৈ ক্লিক কৰক