TV9 ASSAM
বিশ্ব কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে আমি নানা কথা পৰিবলৈ বা শুনিবলৈ পাইছো। সেইদৰে তেওঁৰ ব্যক্তিগত জীৱন আৰু ঠাকুৰবাড়িক লৈয়ো বহু চৰ্চা হয়।
ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু ঠাকুৰবাড়ি সম্পৰ্কে বহু লিখনিও পোৱা যায়। এই লিখনিসমূহৰ পৰা আমি কবিগুৰুৰ জীৱন সম্পৰ্কে এক ধাৰণা ল’ব পাৰোঁ।
কেইবাটাও লেখাৰ জৰিয়তে প্ৰকাশ পাইছে যে ৰবীন্দ্ৰনাথ ঠাকুৰ যথেষ্ট খাদ্যৰসিক ব্যক্ত আছিল। খাদ্যৰ সোৱাদ বেয়া হ’লে তেওঁৰ খং উঠিছিল বুলিও জনা যায়।
ফলস্বৰূপে ‘ঠাকুৰবাড়ি’ৰ ৰান্ধনীসকলে সদায় অত্যন্ত সাৱধানতা অৱলম্বন কৰিছিল। এনে অৱস্থাত তেওঁ কেনেধৰণৰ খাদ্য খাইছিল, সেয়া হয়তো সকলোৱে ভাবিব।
ৰবীন্দ্ৰনাথ ঠাকুৰৰ ব্ৰেকফাষ্ট আৰু লাঞ্চ প্ৰায় এক নিয়ম অনুসাৰে পৰিৱেশিত হয়। আৰু এই নিয়ম তেওঁ বিশেষ সলনি কৰা নাছিল।
পুৱা প্ৰথমে তেওঁ এগিলাচ নিম পাতৰ ৰস খায়। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত ই ফলপ্ৰসূ। প্ৰতিটো দিন তেওঁ এই পানীয়ৰেই আৰম্ভ কৰিছিল।
ব্ৰেকফাষ্টত তেওঁ মূলতঃ গাখীৰ আৰু বাৰ্লি খাইছিল। চিৰা পোলাও তেওঁৰ যথেষ্ট প্ৰিয় আছিল। গ্ৰীষ্মকালত তেওঁ পুৱা ভাত, পিয়াজ আৰু আলু সিজাই খাইছিল বুলিও জনা যায়।
দুপৰীয়াৰ খাদ্যত তেওঁ শাক-পাচলি খাইছিল। চজিনা দিয়া দালি তেওঁৰ প্ৰিয় আছিল। আমিষ খাদ্যতকৈ নিৰামিষ খাদ্য বেছি খাইছিল। খাদ্য খোৱাৰ পিছত তেওঁ দৈত সামান্য নিমখ দি খাইছিল।
পঢ়িবলৈ ক্লিক কৰক
মন্দিৰত প্ৰৱেশৰ সময়ত ঘণ্টা কিয় বজায়?