Katrina Kaif: মাতৃ হ’বলৈ ওলাইছে কেটৰিনা, কেতিয়া আহিব পৰিয়াললৈ নতুন সদস্য?
Katrina Kaif and Vicky Kaushal on Pregnancy: কিন্তু ইয়াৰ পূৰ্বে কেট বা ভিকি কৌশলে উৰাবাতৰিৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল। এতিয়া তেওঁলোকে নিজেই এই ভাল খবৰ দিছে। ইনষ্টাগ্ৰামত কেটৰিনাৰ বেবী বাম্পৰ এখন ছবি শ্বেয়াৰ কৰি কেট আৰু বিকিয়ে ঘোষণা কৰে নতুন সদ্যৰ কথা।

অৱশেষত উৰাবাতৰি শেষ হ’ল। মাতৃ হ’বলৈ ওলাইছে কেটৰিনা কাইফ। বিগত এবছৰ ধৰি কেটৰিনাই মাতৃ হোৱা বুলি উৰাবাতৰিৰ বিয়পি পৰিছিল। অৱশ্যে সেই উৰাবাতৰিৰ প্ৰতি কেট বা বিকি কৌশলে কোনো গুৰুত্ব দিয়া নাছিল। এতিয়া তেওঁলোকে নিজেই এই ভাল খবৰটো ঘোষণা কৰিছে। কেট আৰু বিকিয়ে ইনষ্টাগ্ৰামত কেটৰিনাৰ বেবী বাম্পৰ এখন ফটো শ্বেয়াৰ কৰিছে আৰু ঘোষণা কৰিছে পিতৃ-মাতৃ হবলৈ ওলোৱাৰ কথা।
কেট আৰু বিকিয়ে কি লিখিছিল?
বিকি কৌশল আৰু কেটৰিনা কাইফে শ্বেয়াৰ ফটোই সকলোকে আচৰিত কৰিছে। বিকিয়ে কেটৰিনাৰ বেবী বাম্পত অতি মৰমেৰে স্পৰ্শ কৰা দেখা গৈছে। এই ছবিখন পোষ্ট কৰি তেওঁলোকে কেপচনত লিখিছে, “আমাৰ জীৱনৰ শ্ৰেষ্ঠ অধ্যায় আৰম্ভ হ’বলৈ ওলাইছে। যিটো আনন্দৰে ভৰা হওক।”
View this post on Instagram
বিকিআৰু কেটৰিনাৰ প্ৰেমে পূৰ্বে সকলোকে আচৰিত কৰিছিল। সম্পূৰ্ণ গোপনীয়তাৰ অধীনত কেট আৰু বিকিয়ে বিবাহপাশত আৱদ্ধ হয়। ২০২১ চনৰ ডিচেম্বৰ মাহত বিকি কৌশল আৰু কেটৰিনা কাইফে বিবাহপাশত আবদ্ধ হয়।