23 September 2025
TV9 ASSAM
ফ্লু বা ইনফ্লুৱেঞ্জা হৈছে এক ভাইৰাছৰ সংক্ৰমণ যিয়ে প্ৰধানকৈ শ্বাস-প্ৰশ্বাসতন্ত্ৰক প্ৰভাৱিত কৰে। বিশেষকৈ ঋতু পৰিৱৰ্তনৰ সময়ত এই ভাইৰাছ অধিক সক্ৰিয় হৈ পৰে।
এই সংক্ৰমণ ৰোধ কৰিবলৈ অলপ সাৱধান হোৱাৰ প্ৰয়োজন। গতিকে টোপনিৰ ওপৰত গুৰুত্ব দিয়ক। পৰ্যাপ্ত টোপনি যাওক আৰু জিৰণি লওক।
ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগে। গতিকে লঘু আৰু পুষ্টিকৰ খাদ্য খাব লাগে।
একেদৰে প্ৰচুৰ পৰিমাণে পানী খাব লাগে । ইয়াৰ লগতে গৰম তৰল পদাৰ্থ খাব লাগে। ই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাত সহায় কৰিব।
ভিৰ কৰা ঠাই পৰিহাৰ কৰক আৰু মাস্ক ব্যৱহাৰ কৰিব লাগে। বাহিৰত যাওঁতে মাস্ক পৰিধান কৰক।
পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক। এই সংক্ৰমণৰ পৰা বাছি থাৰিবলৈ নিয়মিতভাৱে হাত ধুব লাগে।
চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ কোনো ঔষধ গ্ৰহণ নকৰিব। জ্বৰ, কাহ, চৰ্দি হ'লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।
পঢ়িবলৈ ক্লিক কৰক