চীনে প্ৰৱৰ্তন কৰিব কে ভিছা, কি কি সুবিধা পাব?
কে ভিছাক আমেৰিকাৰ এইচ-১বি ভিছাৰ চীনা সংস্কৰণ বুলি কোৱা হৈছে। যেনেকৈ প্ৰতি বছৰে হাজাৰ হাজাৰ লোকে এইচ-১বি লৈ আমেৰিকালৈ পঢ়িবলৈ বা কাম কৰিবলৈ যায়, ঠিক তেনেদৰে চীনৰ কে ভিছাতো একেখিনি সুবিধা উপলব্ধ হ’ব।
H-1B ভিছাক লৈ কঠোৰ হৈছে আমেৰিকা। য’ত ভিছাৰ বাবে এক লাখ মাৰ্কিন ডলাৰ বিচাৰিছে দেশখনে। আনফালে চীনে দিছে ইয়াৰ প্ৰত্যুত্তৰ। আমেৰিকাত থকা বৃহৎ সংখ্যক দক্ষ আৰু প্ৰতিভাৱান বিদেশী শ্ৰমিকক নিজৰ দেশলৈ অনাৰ বাবে চীনে নতুন ভিছা প্ৰৱৰ্তনৰ কথা ঘোষণা কৰিছে। এই ভিছা কি, কাৰ বাবে, কি সুবিধা লাভ কৰিব, জানি লওক –
এতিয়া আমেৰিকাক প্ৰত্যাহ্বান জনাই কে ভিছা (K visa) প্ৰৱৰ্তন কৰিবলৈ ওলাইছে চীনে। এই ভিছা মূলতঃ বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক, আৰু গণনাৰ দৰে ক্ষেত্ৰত কাম কৰা বা গৱেষণা কৰা যুৱক-যুৱতীসকলৰ বাবে, যাতে তেওঁলোকে চীনলৈ আহি অধ্যয়ন আৰু কাম কৰিব পাৰে। চীন প্ৰশাসনে জনোৱা মতে, এই নতুন ভিছা প্ৰৱৰ্তনৰ সিদ্ধান্ত যোৱা আগষ্ট মাহত লোৱা হৈছিল, আৰু ১ অক্টোবৰৰ পৰা এই নতুন ভিছা প্ৰৱৰ্তন কৰা হ’ব।