মৰক্কোত হত্যা কৰা হ’ব ৩০ লাখ কুকুৰক! বিৰোধিতা কৰি জাহ্নৱী কাপুৰে ক’লে, এয়া সঁচা…
মৰক্কোত ৩০ লাখ কুকুৰ হত্যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰে। এই কাম কৰাসকলৰ বিৰুদ্ধে মাত মতাৰ লগতে কুকুৰৰ বাবে আন এটা পদ্ধতি গ্ৰহণ কৰিব লাগে বুলি কয় অভিনেত্ৰীগৰাকীয়ে।

বলীউডৰ বিখ্যাত অভিনেত্ৰী জাহ্নৱী কাপুৰৰ কুকুৰৰ প্ৰতি থকা প্ৰেম পূৰ্বেও প্ৰকাশ পাইছে। অভিনেত্ৰীগৰাকীয়ে নিৰীহ জীৱ-জন্তুসকলক যথেষ্ট মৰম কৰা দেখা যায়। এই সময়তে প্ৰকাশ পাইছে এটা দুখজনক খবৰ চিএনএন স্প’ৰ্টছৰ এক প্ৰতিবেদন অনুসৰি মৰক্কোত ৩০ লাখতকৈ অধিক কুকুৰ হত্যাৰ পৰিকল্পনা কৰা হৈছে। ২০৩০ চনৰ ফুটবল বিশ্বকাপৰ বাবে এই কাম কৰা হ’ব।
চলিত বৰ্ষৰ আৰম্ভণিতেও এনে বাতৰিয়ে গতি লাভ কৰিছিল আৰু এতিয়া আকৌ এবাৰ এই খবৰবোৰ শিৰোনামত আছে। কোৱা হৈছে যে মৰক্কোৰ পশু কল্যাণকাৰী গোটসমূহেও ইয়াৰ বিৰুদ্ধে মাত মাতিছে। এতিয়া জাহ্নৱীয়েও এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কুকুৰ হত্যাৰ পৰিৱৰ্তে তেওঁলোকৰ বাবে আন এটা পদ্ধতি গ্ৰহণ কৰিব লাগে বুলিও কয় অভিনেত্ৰীগৰাকীয়ে।
৩০ লাখ কুকুৰৰ মৃত্যুৰ খবৰ পাই কি ক’লে জাহ্নৱীয়ে?
মৰক্কোত ৩০ লাখ কুকুৰ হত্যাৰ পৰিকল্পনাৰ বিৰোধিতা কৰিছে জাহ্নৱী কাপুৰে। ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা বাতৰিৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে, “এয়া সঁচা হ’ব নোৱাৰে। বিপথগামী জীৱ-জন্তুৰ পুনৰ্বাসনৰ বহু উপায় আছে। সকলোকে হত্যা কৰি ‘চাফাই কৰাটো’ অপৰাধমূলক।”
কিয় হত্যা কৰা হ’ব ৩০ লাখ কুকুৰ?
স্পেইন আৰু পৰ্তুগালৰ সৈতে মৰক্কোৱে ২০৩০ চনৰ ফুটবল বিশ্বকাপ (ফিফা) আয়োজন কৰিব। বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ক্ৰীড়া বিশ্বকাপৰ বাবে বৃহৎ পৰিসৰত প্ৰস্তুতি চলাব মৰক্কোৱে। ইয়াৰ বাবে তেওঁলোকৰ ৰাজপথ কুকুৰমুক্ত কৰিব বিচাৰিছে। যাৰ বাবে মৰক্কোত ৩০ লাখ কুকুৰ হত্যা কৰা হ’ব বুলি বাতৰি প্ৰকাশ পাইছে। এই ঘোষণাৰ পিছৰে পৰা বিশ্বজুৰি মৰক্কোৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰা হৈছিল।
View this post on Instagram
জাহ্নৱী কাপুৰৰ ৱৰ্ক ফ্ৰণ্ট
বৰ্তমান জাহ্নৱীৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ আগন্তুক ছবি ‘পৰম সুন্দৰী’ৰ বাবে শিৰোনাম দখল কৰিছে। ছবিখনত অভিনেত্ৰীগৰাকীক সিদ্ধাৰ্থ মালহোত্ৰাৰ বিপৰীতে দেখা যাব। অহা ২৯ আগষ্টত ছবিগৃহত মুক্তি পাব পৰম সুন্দৰীয়ে। ইয়াৰ পৰিচালনা কৰিছে তুষাৰ জলোটাৰে।
লগতে পঢ়ক: হৃত্বিক ৰোশনৰ পৰা ৰজনীকান্তলৈ…আগষ্ট মাহত Box Office কঁপাব এই ৫ খন ছবিয়ে!