শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Bill Gates: হিন্দী ধাৰাবাহিকত বিল গেটছৰ প্ৰৱেশ! কৰিব এই কাম…

Kyunki Saas Bhi Kabhi Bahu Thi 2: শেহতীয়াকৈ ষ্টাৰ প্লাছে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ'টোত পৰ্দাত দেখা গৈছে বিল গেটছক । ভিডিঅ’ কলৰ জৰিয়তে স্মৃতি ইৰাণীয়ে তেওঁৰ সৈতে কথা পতা দেখা গৈছে। তেওঁ কৈছে, "আপুনি যে আমেৰিকাৰ পৰা পোনপটীয়াকৈ মোৰ পৰিয়ালৰ সৈতে সংযোগ স্থাপন কৰিছে সেয়া জানি বৰ ভাল লাগিল।" কেপচনতে সমগ্ৰ পৰিকল্পনা পোহৰলৈ আহিছে।

Bill Gates: হিন্দী ধাৰাবাহিকত বিল গেটছৰ প্ৰৱেশ! কৰিব এই কাম…
Bill Gates New Video Out Kyunki Saas Bhi Kabhi Bahu Thi 2
trishna-kalita
Trishna Kalita | Published: 23 Oct 2025 13:50 PM

স্মৃতি ইৰাণীৰ শ্ব’ ‘Kyunki Saas Bhi Kabhi Bahu Thi 2 ’-এ ইতিমধ্যে  প্ৰচণ্ড সঁহাৰি লাভ কৰিছে। তুলসী আৰু মিহিৰৰ উন্মোচিত কাহিনীৰ সৈতে আকৌ এবাৰ নিজকে সংযোগ কৰিছে দৰ্শকে। বিগত কেইদিনমানৰ পৰা আমেৰিকাৰ ব্যৱসায়ী বিল গেটছে এই শ্ব’টোত কেমিঅ’ কৰা বুলি খবৰ প্ৰকাশ পাইছে। তেওঁ স্মৃতি ইৰাণী আৰু তেওঁৰ বিৰাণী পৰিয়ালৰ সৈতে কাম কৰি কিছু ডাঙৰ পৰিৱৰ্তন আনিব। অৱশ্যে পূৰ্বে ষ্টাৰ প্লাছে শ্বেয়াৰ কৰা ভিডিঅ’টোত কেৱল তুলসীহে দেখা গৈছিল। এতিয়া এটা নতুন ভিডিঅ’ই উদঙাই দিছে সমগ্ৰ ৰহস্য।

শেহতীয়াকৈ ষ্টাৰ প্লাছে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত পৰ্দাত দেখা গৈছে বিল গেটছক । ভিডিঅ’ কলৰ জৰিয়তে স্মৃতি ইৰাণীয়ে তেওঁৰ সৈতে কথা পতা দেখা গৈছে। তেওঁ কৈছে, “আপুনি যে আমেৰিকাৰ পৰা পোনপটীয়াকৈ মোৰ পৰিয়ালৰ সৈতে সংযোগ স্থাপন কৰিছে সেয়া জানি বৰ ভাল লাগিল।” কেপচনতে সমগ্ৰ পৰিকল্পনা পোহৰলৈ আহিছে।

স্মৃতি ইৰাণীৰ অনুষ্ঠানত বিল গেটছ?

নতুন প্ৰমোটোত তুলসীৰ পোছাক পৰিহিত স্মৃতি ইৰাণীয়ে কয়, “জয় শ্ৰী কৃষ্ণ।” বিল গেটছে উত্তৰ দিয়ে, “নমস্তে তুলসী জী, জয় শ্ৰী কৃষ্ণ।” তাৰ পিছত স্মৃতি ইৰাণীয়ে কয়, “আপুনি যে আমেৰিকাৰ পৰা পোনপটীয়াকৈ মোৰ পৰিয়ালৰ সৈতে সংযোগ স্থাপন কৰিছে, সেইটো জানি বৰ ভাল লাগিল। আমি সকলোৱে আপোনাৰ বাবে অপেক্ষা কৰি আছো।” যাৰ উত্তৰত তেওঁ কয়, “ধন্যবাদ তুলসী জী।”

 

View this post on Instagram

 

A post shared by StarPlus (@starplus)

কেপচনত লিখা আছিল, ‘Kyunki Saas Bhi Kabhi Bahu Thi 2’ৰ কাহিনীত এটা নতুন সম্পৰ্ক সংযোজন কৰা হৈছে: স্বাস্থ্য, সংবেদনা আৰু পৰিৱৰ্তনৰ। আৰু বিশ্বৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তনকাৰী বিল গেটছ এই কাহিনীৰ সৈতে জড়িত। এটা বিশেষ দৃষ্টিভংগীৰে: প্ৰতিগৰাকী মাতৃ আৰু প্ৰতিটো শিশু সুস্থ আৰু নিৰাপদ হওক। দুখন ভিন্ন পৃথিৱী, কিন্তু এটা লক্ষ্য: মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ কথা প্ৰতিখন ঘৰলৈ নিয়া ।”

বিল গেটছে তুলসী আৰু মিহিৰৰ কাহিনীত প্ৰৱেশ কৰিছে। একত্ৰিত হৈ জনস্বাস্থ্য সজাগতাৰ প্ৰচাৰ চলাইছে তেওঁ । এই কাহিনীটো ২৪ আৰু ২৫ অক্টোবৰত দুটা খণ্ডত প্ৰচাৰ হ’ব। এই খণ্ডত নৱজাতকৰ স্বাস্থ্য আৰু গৰ্ভৱতী মহিলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। লক্ষ্য হৈছে সজাগতা সৃষ্টি কৰাৰ লগতে মনোৰঞ্জনৰো ব্যৱস্থা কৰা। এই খণ্ডটো বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ সহযোগত সৃষ্টি কৰা হৈছে। স্মৃতি ইৰাণীয়েও বিচাৰিছিল যে এই অনুষ্ঠানটোৱে সামাজিক সমস্যাক সম্বোধন কৰক।