শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

‘চিন্তা নকৰিবা, মই তোমাৰ….’, বক্ষযুগলক লৈ পৰিচালকে কি কৈছিল দীপিকাক!

শুনা যায়, বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীয়েই নিজ কেৰিয়াৰৰ আৰম্ভণিতে পৰিচালক আৰু প্ৰযোজকৰ সকলো চৰ্ত মনে মনে মানি লয়। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম আছিল দীপিকা। মৌনতা অৱলম্বন কৰাৰ বিপৰীতে তেওঁ আৰম্ভণিৰে পৰাই এনে পৰিস্থিতিৰ মোকাবিলা কৰি আহিছে।

‘চিন্তা নকৰিবা, মই তোমাৰ….’, বক্ষযুগলক লৈ পৰিচালকে কি কৈছিল দীপিকাক!
দীপিকা পাডুকনImage Credit source: Victor Chavez/Getty Images for Paramount Pictures
monjit-dutta
Monjit Dutta | Updated On: 16 Jun 2025 19:27 PM

বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন মাতৃত্ব অৰ্জনৰ পিছত পুনৰ উভতিছে ছবিজগতলৈ। প্ৰিয় অভিনেত্ৰীগৰাকীক স্ক্ৰীণত পুনৰ এবাৰ প্ৰত্যক্ষ কৰিবলৈ অনুৰাগীসকলেও অত্যন্ত আশাৰে বাট চাইছে। এই সময়ত দেশৰ চিনেমা উদ্যোগৰ এগৰাকী দামী অভিনেত্ৰী দীপিকা। পিছে নিজৰ অধিকাৰক লৈয়ো সমানেই সচেতন অভিনেত্ৰীগৰাকীক। কোনো অস্বস্তিকৰ অথবা নিজৰ অধিকাৰৰ প্ৰতি ভাবুকি যেন পৰিস্থিতি আহি পৰিলে তেওঁ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। শেহতীয়াকৈ পুনৰ এবাৰ পোৱা গ’ল দীপিকাৰ এই আত্মাভিমানী স্বভাৱৰ প্ৰমাণ।

প্ৰকাশিত খবৰ অনুসৰি দিনত আঠ ঘণ্টাৰো অধিক সময় কাম কৰাৰ প্ৰতিবাদত দীপিকাই দক্ষিণৰ এখন বিগ বাজেটৰ এখন ছবিত কাম কৰাৰ পৰা বিৰত থাকে। শুনা যায়, বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীয়েই নিজ কেৰিয়াৰৰ আৰম্ভণিতে পৰিচালক আৰু প্ৰযোজকৰ সকলো চৰ্ত মনে মনে মানি লয়। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম আছিল দীপিকা। মৌনতা অৱলম্বন কৰাৰ বিপৰীতে তেওঁ আৰম্ভণিৰে পৰাই এনে পৰিস্থিতিৰ মোকাবিলা কৰি আহিছে।

মডেলিং আৰু এডভাৰটাইজিঙৰ জৰিয়তে গ্লেমাৰৰ জগতখনত প্ৰৱেশ কৰিছিল দীপিকাই। এক সাক্ষাৎকাৰত দীপিকাই উল্লেখ কৰিছিল যে কেৰিয়াৰৰ আৰম্ভণিতে বিজ্ঞাপনৰ এগৰাকী পৰিচালকৰ সৈতে তেওঁৰ বিবাদ হৈছিল। দীপিকাৰ মতে, পৰিচালকজনে যৌন ইঙ্গিতধৰ্মী মন্তব্য কৰাৰ লগে লগে শ্বুটিং স্থলীৰ পৰা তেওঁ পোনে পোনে ওলাই আহিছিল।

আণ্ডাৰৱেৰৰ এক বিজ্ঞাপনৰ ফটোশ্বুট কৰিবলৈ কেমেৰাৰ সন্মুখলৈ আহিছিল দীপিকা। সেই সময়ত তেওঁ আছিল এক প্ৰতিষ্ঠিত আৰু নামী-দামী মডেল। বিজ্ঞাপনৰ বাবে ভিন্ন ভংগীমাত অভিনেত্ৰীগৰাকীৰ ফটো আৰু ভিডিঅ’ লোৱা হ’ল। তাৰ মাজতে হঠাতে পৰিচালকজনে ক’লে, ‘নাই, এয়া ভাল হোৱা নাই।’ পৰিচালকজনৰ পৰা এনে মন্তব্য শুনি দীপিকা আচৰিত হৈ পৰিল।

দীপিকাক অধিক আচৰিত কৰি হঠাৎ পৰিচালকজনে ক’লে, “তোমাৰ স্তন দুটা যথেষ্ট সৰু, এই বিজ্ঞাপনৰ বাবে ডাঙৰ আকাৰৰ স্তন লাগে! পৰিচালকৰ পৰা এনেধৰণৰ কথা শুনি দীপিকা অলপ আচৰিত হৈ পৰিল। ইয়াতে থমকি নৰ’ল পৰিচালকজন। তেওঁ দীপিকাক লগতে ক’লে, “চিন্তা নকৰিবা, সম্পাদনাৰ সময়ত মই তোমাৰ স্তন দুটা ডাঙৰ কৰি দিম।” তেওঁ লগতে দীপিকাক স্তনৰ আকাৰ বৃদ্ধিৰ অস্ত্ৰোপচাৰ কৰিবলৈও পৰামৰ্শ দিলে!

এই সাক্ষাৎকাৰত দীপিকাই কয় যে পৰিচালকজনৰ এনে মন্তব্য অত্যন্ত কুৰুচিপূৰ্ণ। অৱশ্যে ইয়াৰ পিছত পৰিচালকজনৰ সৈতে এই বিষয়ত আৰু কোনো কথা নপতাকৈয়ে পোনে পোনে শ্বুটিং স্থলীৰ পৰা ওলাই আহিল দীপিকা। সেই বিজ্ঞাপনটো আৰু নকৰে বুলিও পৰিচালকক স্পষ্টকৈ শুনাই আহিল দীপিকাই। এনে এক অভাৱনীয় পৰিস্থিতিৰ পৰা আজিৰ বলীউডৰ এই সফল নায়িকা দীপিকা পাডুকন। তেতিয়াৰ দৰে এতিয়াও তেওঁ বৰ্তাই ৰাখিছে নিজৰ প্ৰতিবাদী স্থিতি।