শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ছলমানে ধ্বংস কৰিলে কেৰিয়াৰ! ‘চুলবুল’ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলিলে ‘দাবাং’ ছবিৰ পৰিচালকে

কেমেৰাৰ আগত চুলবুলক নিৰ্দেশনা দিয়া অভিনৱৰ বাবে বাস্তৱ জীৱনত চুলবুলেই হৈ পৰে হৰ্তাকৰ্তা। ‘চুলবুল’ ছলমানৰ ৰোষত পৰি কেৰিয়াৰেই ধ্বংস হৈ পৰিল অভিনৱ কাশ্যপৰ। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খোদ দাবাং ছবিৰ পৰিচালকগৰাকীয়ে।

ছলমানে ধ্বংস কৰিলে কেৰিয়াৰ! ‘চুলবুল’ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলিলে ‘দাবাং’ ছবিৰ পৰিচালকে
ছলমানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অভিনৱৰImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 09 Sep 2025 11:36 AM

বলীউডৰ ‘ভাইজান’ ছলমান খান। এক কথাত দেশৰ ছবি জগতৰ চুপাৰষ্টাৰ তেওঁ। পূৰ্বে একাধিক বিতৰ্কত নাম সাঙোৰ খোৱা ছলমান এতিয়া ‘বিং হিউমেন’। তথাপি পিছে ছলমানক লৈ বলীউড জগতত গল্প-গুজৱৰ অন্ত নাই। বলীউড জগতৰ এক অংশ ছলমানৰ হাতৰ ঠাৰত চলে বুলিও প্ৰায়ে চৰ্চিত হয়। তেওঁৰ ইচ্ছাতেই যদি কেতিয়াবা কোনো তাৰকাত পৰিণত হয়, কেতিয়াবা আকৌ কেৰিয়াৰো সমস্যাত পৰে বুলিও হয় আলোচনা। এতিয়া তেনে এক খবৰেই গৰম কৰিছে বলীউডৰ বতাহ।

২০১০ চনত ছবিগৃহলৈ আহিছিল ছলমান খান অভিনীত ছবি দাবাং। আৰক্ষীৰ পোচাকত চুলবুল পাণ্ডে ৰূপী ছলমানক আদৰি লৈছিল সকলোৱে। মুক্তিৰ পিছতে ছবিখনে বক্স অফিচত দেখে সফলতাৰ মুখ। দাবাঙৰ গীতসমূহো হৈ পৰিছিল অত্যন্ত জনপ্ৰিয়। ছলমানক চুলবুল ৰূপত ছবিখনত নিৰ্দেশনা দিছিল অভিনৱ কাশ্যপে।

অৰ্থাৎ অভিনৱ কাশ্যপৰ পৰিচালনাতে নিৰ্মাণ হৈছিল এই দাবাং ছবিখন। কিন্তু কেমেৰাৰ আগত চুলবুলক নিৰ্দেশনা দিয়া অভিনৱৰ বাবে বাস্তৱ জীৱনত চুলবুলেই হৈ পৰে হৰ্তাকৰ্তা। ‘চুলবুল’ ছলমানৰ ৰোষত পৰি কেৰিয়াৰেই ধ্বংস হৈ পৰিল অভিনৱ কাশ্যপৰ। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খোদ দাবাং ছবিৰ পৰিচালকগৰাকীয়ে।

ছলমান খানৰ লগতে তেওঁৰ পৰিয়ালৰ বিৰুদ্ধেও অভিনৱ কাশ্যপে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। অভিনৱৰ স্পষ্ট দাবী, খান পৰিয়ালে তেওঁৰ কেৰিয়াৰ ধ্বংস কৰিলে! তেওঁৰ মতে, হিন্দী ছবি উদ্যোগটোত জীয়াই থাকিবলৈ হ’লে ছলমান আৰু তেওঁৰ পৰিয়ালৰ কথা মানি চলিব লাগে। নহ’লে বৰ্তি থকাই কঠিন হ’ব।

অভিনৱে লগতে ছলমান খানে তেওঁৰ কেৰিয়াৰ ধ্বংস কৰিছে বুলি অভিযোগ কৰে। ছলমান খানৰ ইচ্ছামতে ছবি নিৰ্মাণ কৰা নাই বাবেই তেওঁক কাম কৰিবলৈ দিয়া নাই বুলিও পৰিচালকগৰাকীয়ে লগতে দাবী কৰে। উল্লেখ্য যে দাবাঙৰ পিছত অভিনৱ কাশ্যপে ৰণবীৰ কাপুৰৰ ছবি বেচৰম পৰিচালনা কৰিছিল। তাৰ পিছৰে পৰা বলীউডত প্ৰায় নোহোৱা হৈ গ’ল অভিনৱ কাশ্যপ।