TV9 ASSAM
আজিৰ পৰা ইউ এ ইত আৰম্ভ হ’ব এছিয়া কাপ ২০২৫। আজি প্ৰতিযোগিতাৰ প্ৰথমখন মেচ খেলিব আফগানিস্তান আৰু হংকঙে।
এইবাৰ প্ৰতিযোগিতাখন টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলে কাইলৈ অভিযান আৰম্ভ কৰিব।
এছিয়া কাপ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ১৯৮৪ চনত। ইউ এ ইত হোৱা এই প্ৰতিযোগিতাত ভাৰত, শ্ৰীলংকা, পাকিস্তানে অংশ লৈছিল।
এইবাৰ এছিয়া কাপৰ ১৭ সংখ্যক সংস্কৰণ। ইয়াৰে ১৪ বাৰ প্ৰতিযোগিতাখন এদিনীয়া ফৰ্মেটত আৰু এইবাৰৰ সৈতে তৃতীয়বাৰ টি-২০ ফৰ্মেটত হ’ব।
এছিয়া কাপৰ ইতিহাসত ভাৰতে সৰ্বাধিক ৮ বাৰ খিতাপ জয় কৰিছে। আনহাতে শ্ৰীলংকাই ৬ বাৰ আৰু পাকিস্তানে দুবাৰ এছিয়া কাপ জয় কৰিছে।
ভাৰতে এইপৰ্যন্ত ১৯৮৪, ১৯৮৮, ১৯৯০-৯১, ১৯৯৫, ২০১০, ২০১৬, ২০১৮ আৰু ২০২৩ চনত এছিয়া কাপ জয় কৰিছে।
পঢ়িবলৈ ক্লিক কৰক
বিচনাৰ কাষত এইসমূহ বস্তু ৰাখিলে হয় বিপদ