শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ঐশ্বৰ্যৰ অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল, আদালতলৈ গ’ল অভিষেক!

দিল্লী উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰা আবেদনত ঐশ্বৰ্যই কয় যে, ভাইৰেল ফটোবোৰ সঁচা নহয়। এআইৰ সহায়ত সৃষ্টি কৰা হৈছিল। তেওঁ এনে ছবি কোনো ধৰণে ব্যৱহাৰৰ অনুমতি নিদিয়ে।

ঐশ্বৰ্যৰ অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল, আদালতলৈ গ’ল অভিষেক!
ঐশ্বৰ্যৰ অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল
barasha-misra
Barasha Misra | Published: 09 Sep 2025 17:18 PM

বিপদত পৰিছে ঐশ্বৰ্য ৰায় বচ্চন। ছচিয়েল মিডিয়াত এআইৰ সহায়ত নিৰ্মিত কেইবাখনো অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল হৈ পৰিছে। এই খবৰটো পোৱাৰ লগে লগে অভিষেক বচ্চনে খৰধৰকৈ ক’ৰ্টলৈ ঢাপলি মেলে।

এই সন্দৰ্ভত ঐশ্বৰ্যই দিল্লী উচ্চ ন্যায়ালয়ত এখন আৱেদন দাখিল কৰি ভাইৰেল ছবিবোৰ প্ৰকৃত নহয় বুলি উল্লেখ কৰিছে। এয়া এআইৰ সহায়ত সৃষ্টি কৰা হৈছে। অভিনেত্ৰীগৰাকীয়ে কোনো কাৰণতে এনে ছবি ব্যৱহাৰ কৰাৰ অনুমতি দিয়া নাই। কেৱল তেওঁৰেই নহয়, বিভিন্ন ই-কমাৰ্চ কোম্পানীয়ে ছ’চিয়েল মিডিয়াত বহু অভিনেত্ৰীৰ ছবি বিজ্ঞাপনৰ বাবে ব্যৱহাৰ কৰাৰ ধাৰা বৃদ্ধি পোৱাৰ বাবেও ঐশ্বৰ্যই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনাইছে।

ঐশ্বৰ্যই অভিযোগ কৰে যে, তেওঁৰ ছবি ব্যৱহাৰ কৰি কফি মগ, টি-চাৰ্টৰ দৰে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰা হৈছে। একে সময়তে এআই ব্যৱহাৰ কৰি নায়িকাগৰাকীৰ বিভিন্ন বিকৃত ফটো সৃষ্টি কৰি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিছে। ইতিমধ্যে ঐশ্বৰ্যৰ অধিবক্তাই সকলো নথি-পত্ৰ আদালতত দাখিল কৰি অভিনেত্ৰীগৰাকীৰ ছবি যাতে কোনো কু-অভিপ্ৰায়ৰ বাবে ব্যৱহাৰ নহয় তাৰ বাবে ব্যৱস্থা ল’বলৈ দিল্লী উচ্চ ন্যায়ালয়ক অনুৰোধ জনাইছে। ইয়াৰ পূৰ্বে দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্নাইও এনে সমস্যাৰ সন্মুখীন হৈছিল। ডিপফেকৰ কবলত পৰাৰ পিছত তেওঁৰ খং উঠিছিল। ইয়াৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই প্ৰতিবাদ সাব্যস্ত কৰে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এআই ব্যৱহাৰ কৰি সৃষ্টি কৰা কণ্ঠশিল্পী শ্ৰেয়া ঘোষলৰ আপত্তিজনক ছবি বিয়পি পৰে।