শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Bhupen Hazarika Centenary: আজি ড° ভূপেন হাজৰিকাৰ ওপজা দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তেওঁ অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেওঁৰ গীতত সমসাময়িক সমাজ, মানবতাবাদ, প্ৰেম, ৰাজনীতি, দুৰ্নীতি আদি সকলো বিষয় স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়।

Bhupen Hazarika Centenary: আজি ড° ভূপেন হাজৰিকাৰ ওপজা দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী
আজি ড° ভূপেন হাজৰিকাৰ ওপজা দিন
trishna-kalita
Trishna Kalita | Updated On: 08 Sep 2025 07:08 AM

বছৰজোৰা কাৰ্যসূচীৰ আজি, ৮ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছে ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ উদযাপন। জালুকবাৰীত ভূপেন হাজৰিকাৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ হ’ব কাৰ্যসূচী। য’ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটীৰ খানাপাৰ ফিল্ডত ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’ব ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী।

সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল-সংগঠনসমূহে আয়োজন কৰিছে সুধাকণ্ঠৰ জন্ম শতবার্ষিকী অনুষ্ঠান। ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব মূল শতবাৰ্ষিকীৰ কাৰ্যসূচী, য’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইফালে পিতৃৰ জন্ম শতবার্ষিকী উদযাপন কৰিবলৈ পত্নী-পুত্ৰসহ গুৱাহাটীত উপস্থিত হৈছে ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা।

এটা যুগৰ শ্ৰষ্টা ড॰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এটা সম্ভ্ৰান্ত কৈৱৰ্ত্ত পৰিয়ালত। তেওঁৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। নাজিৰাৰ আমোলাপট্টিত নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল যদিও চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল। ড॰ হাজৰিকাই সংগীতপ্ৰাণ মনটো শৈশৱতে ঘৰখনৰ পৰিৱেশৰ পৰা লাভ কৰিছিল।

ভূপেন হাজৰিকাই নিজে লিখা আৰু কণ্ঠদান কৰা গীতসমূহকে ভূপেন্দ্ৰ সংগীত বোলে। বিশেষ কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ে নিজৰ প্ৰতিভাৰ বলতে ১৫০০-তকৈও অধিক গান ৰচনা কৰি শ্ৰোতাৰ বিপুল সঁহাৰি লাভ কৰিছিল। তেওঁৰ সংগীতে বয়স, সময়, স্থান আৰু জাতি-ধৰ্মৰো বাধা চেৰাই এক সৰ্বজনীন জনপ্ৰিয়তা লাভ কৰিছিল। সেয়ে অনেকে তেওঁক ‘গণশিল্পী’ৰ মৰ্যদা দিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। ড° হাজৰিকাক এগৰাকী বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী বুলি গণ্য কৰা হয়।

ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তেওঁ অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেওঁৰ গীতত সমসাময়িক সমাজ, মানবতাবাদ, প্ৰেম, ৰাজনীতি, দুৰ্নীতি আদি সকলো বিষয় স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়। সুধাকণ্ঠৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ উন্নয়ন সাধনৰ উপৰিও অসম তথা ভাৰতক বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাতো অৱদান আগবঢ়াই আহিছে।

সাহিত্য আৰু সংস্কৃতি ক্ষেত্ৰত ড॰ হাজৰিকা অসমকে ধৰি দেশ-বিদেশতো বহুলভাৱে সমাদৃত আৰু সন্মানিত হৈছে। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্ন, ভাৰতৰ সাংস্কৃতিক জগতৰ উল্লেখনীয় সংগীত নাটক একাডেমী বঁটাৰ উপৰিও তেখেতে ১৯৯২ চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। ড॰ হাজৰিকাই ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিৱেশনৰ সভাপতিত্ব কৰিছিল। সংগীত নাটক একাডেমীৰ চেয়াৰমেন পদ লাভ কৰোঁতা হাজৰিকা প্ৰথমগৰাকী অসমীয়া ব্যক্তি। তেখেতে আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০১৯ চনত তেখেতক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।