TV9 ASSAM
বহুতে এচিডিটিৰ সমস্যাক একেবাৰে সাধাৰণ হিচাপে লয়। কিন্তু ই জটিল ৰোগৰ লক্ষণো হ’ব পাৰে।
সঘনাই এচিডিটি হোৱাটো পেটৰ আলচাৰৰ লক্ষণ হ’ব পাৰে। আলচাৰ হ’ল পেটৰ ভিতৰৰ তৰপত সৃষ্টি হোৱা ঘাঁ।
গেষ্ট্ৰাইটিছৰ ফলত সঘনাই এচিডিটি সমস্যা হোৱাৰ লগতে ভোক কমি যায় আৰু বমি বমি ভাৱ আহিব পাৰে।
কেতিয়াবা গল ব্লেডাৰ ষ্টোনৰ ফলত প্ৰায়ে এচিডিটি সমস্যা হয়। বিশেষকৈ তেলীয়া আৰু গধুৰ খাদ্য খোৱাৰ পিছত ৰোগীয়ে অধিক জ্বলা-পোৰা আৰু বদহজম অনুভৱ কৰে।
পেটৰ পিছফালে থকা অগ্নাশয়ত প্ৰদাহ হ’লেও অবিৰতভাৱে এচিডিটি, বমি আৰু পেটৰ বিষৰ সমস্যা হয়। এইটো এটা গুৰুতৰ অৱস্থা। তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
যদি এচিডিটিৰ সমস্যাটো ৩ৰ পৰা ৪ সপ্তাহতকৈ অধিক সময় ধৰি হৈ থাকে। এচিডিটিৰ ঔষধ খোৱাৰ পিছতো কোনো সকাহ নাপায়, তেন্তে চিকিৎসকৰ পৰামৰ্শ ল’ব।
এচিডিটিৰ পৰা পৰিত্ৰাণ পাবলৈ সুষম খাদ্য খোৱাৰ লগতে অত্যধিক বাহিৰৰ খাদ্য পৰিহাৰ কৰাৰ লগতে অত্যধিক মছলা জাতীয় খাদ্য পৰিহাৰ কৰক।
পঢ়িবলৈ ক্লিক কৰক