শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Su-57 vs F-22: আমেৰিকাৰ F-22 ৰ তুলনাত ৰাছিয়াৰ Su-57 যুঁজাৰু বিমানখন অধিক শক্তিশালী নেকি?

Su-57 vs F-22: আমেৰিকাৰ F-22 ৰ তুলনাত ৰাছিয়াৰ Su-57 যুঁজাৰু বিমানখন অধিক শক্তিশালী নেকি?

manas-borah
Manas Borah | Published: 09 Sep 2025 22:30 PM

যুদ্ধৰ পৰিস্থিতিত এই বিমানখন কিমান ধ্বংসাত্মক? আমেৰিকাৰ F-22 ৰেপ্টৰ যুঁজাৰু জেটতকৈ এই বিমানখন কিমান শক্তিশালী?

Su-57 যুঁজাৰু বিমানখনৰ মূল শক্তি হ’ল ৰাডাৰ এৰাই চলাৰ ক্ষমতা। কিন্তু প্ৰশ্ন হয়, যুদ্ধৰ পৰিস্থিতিত এই বিমানখন কিমান ধ্বংসাত্মক? আমেৰিকাৰ F-22 ৰেপ্টৰ যুঁজাৰু জেটতকৈ এই বিমানখন কিমান শক্তিশালী?

তথ্য মতে, গোপন অভিযানত যাওঁতে Su-57 য়ে ৬টা এয়াৰ টু এয়াৰ মিছাইল কঢ়িয়াই নিব পাৰে। ইয়াৰে ৪ টা দীৰ্ঘ দূৰত্বৰ আৰু ২টা কম দূৰত্বৰ ক্ষেপণাস্ত্ৰ। ফলত এই বিমানখনে ৰাডাৰ এৰাই চলি শত্ৰুৰ সৈতে মুখামুখি হ’ব পাৰে।

অৱশ্যে আমেৰিকাৰ শ্ৰেষ্ঠ যুঁজাৰু বিমান F-22 ৰেপটৰে ৮ টা মিছাইল কঢ়িয়াই নিব পাৰে। আন এখন অত্যাধুনিক বিমান F-35 য়ে সাধাৰণতে ৪ টা আৰু বৰ্তমান ৬টা মিছাইল কঢ়িয়াব পাৰে। কিন্তু যদিহে শত্ৰুৰ পৰা লুকাই থকাৰ প্ৰয়োজন নহয়, তেন্তে Su-57 বিমানে বাহ্যিক হাৰ্ডপইণ্টত প্ৰায় ১০,০০০ কিলোগ্ৰাম অস্ত্ৰ কঢ়িয়াব পাৰে, যাক ‘বিষ্ট মোড’ বুলি জনা যায়।