পলকতে পঢ়ক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ
আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে। বৈঠকৰ অন্তত সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে NRC থকা মানেই ভাৰতীয় নাগৰিক নহয়, বিদেশী বুলি প্ৰমাণিত হোৱা লোকক উভতাই পঠোৱা হ'ব। ৮০ শতাংশ নম্বৰসহ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব স্কুটী। হিমাচল প্ৰদেশৰ বান সাহায্যৰ বাবে ৫ কোটি টকা অনুমোদন।

পলকতে পঢ়ক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ
আজি ৯ ছেপ্টেম্বৰ, সোমবাৰৰ দিনটোত বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। নেপালৰ প্ৰতিবাদৰ পৰা অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ লগতে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনলৈকে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।
- নৱপ্ৰজন্মৰ প্ৰতিবাদত জ্বলিছে নেপাল। প্ৰতিবাদ ৰোধত ব্যৰ্থ নেপাল চৰকাৰৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ পদত্যাগ। তাৰ লগে লগে পদত্যাগ কৰিলে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌড়েলেও। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ বিৰুদ্ধে নৱপ্ৰজন্মই আৰম্ভ কৰিছিল প্ৰতিবাদ। চৰকাৰৰ দমন তথা দুৰ্নীতিৰ বিৰুদ্ধে কৰা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে নেপালত। কেবাজনো মন্ত্ৰীৰ বাসগৃহত অগ্নি সংযোগৰ লগতে আক্ৰমণো কৰা হয় ৰাজনীতিকক।
- দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত চি পি ৰাধাকৃষ্ণন। আজি অনুষ্ঠিত হোৱা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ সমৰ্থিত প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে ৪৫২ টা ভোট লাভ কৰাৰ বিপৰীতে ইণ্ডিয়া ব্লকৰ সমৰ্থিত প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীয়ে ৩০০ ভোট লাভ কৰে। দেশ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় চি পি ৰাধাকৃষ্ণন। তেওঁ জগদীপ ধনখড়ৰৰ স্থলাভিসিক্ত হ’ব।
- আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে। বৈঠকৰ অন্তত সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে NRC থকা মানেই ভাৰতীয় নাগৰিক নহয়, বিদেশী বুলি প্ৰমাণিত হোৱা লোকক উভতাই পঠোৱা হ’ব। ৮০ শতাংশ নম্বৰসহ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব স্কুটী। হিমাচল প্ৰদেশৰ বান সাহায্যৰ বাবে ৫ কোটি টকা অনুমোদন।
- ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে এই বিষয়টো সমাধানৰ ক্ষেত্ৰত চৰকাৰ বহুখিনি আগবাঢ়িছে। অহা নৱেম্বৰ মাহত বিধানসভাত প্ৰতিবেদন দাখিল কৰা হ’ব। কিন্তু কংগ্ৰেছৰ শাসনকালত লোৱা প্ৰস্তাৱে বিষয়টোৰ নিষ্পত্তিত বহুখিনি বেমেজালিৰ সৃষ্টি কৰিছে বুলি কয় মুখ্য়মন্ত্ৰীয়ে ৷
- নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যজুৰি চলিছে উত্তাল প্ৰতিবাদ। আজি জিলা সদৰসমূহত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে বীৰ লাচিত সেনা অসমে। নাগৰিকত্ব সংশোধনী আইন ২০১৯ সম্পূৰ্ণ ৰূপে বাতিলৰ দাবী তোলে সংগঠনটোৱে। লগতে অসমত মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী জনায় বীৰ লাচিত সেনাই।
- কমতাপুৰ ৰাজ্য পুনৰ গঠন, জনজাতিকৰণকে ধৰি কেইবাটাও দাবীত আজি গুৱাহাটীৰ চচলত অৱস্থান ধৰ্মঘট কৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাই। ছাত্ৰ সংগঠনটোৱে ৰূপায়ন কৰা এই অৱস্থান ধৰ্মঘটত কাৰ্যসূচীত অংশগ্ৰহণ কৰে শতাধিক লোকে। ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবী উত্থাপন কৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাই।
- জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। উপত্যকাটোৰ কুলগামত কালিৰে পৰা অব্যাহত আছে নিৰাপত্তা বাহিনীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। আজি এই অভিযানৰ সময়ত ২ টা সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে। ইফালে শ্বহীদ হৈছে দুগৰাকী ভাৰতীয় সেনা জোৱান। শ্বহীদ সেনা জোৱান দুজন হৈছে চুবেদাৰ পৰভাত গৌড় আৰু লেন্স নায়ক নৰেন্দৰ সিন্ধু।
- বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ ছিয়াচিনৰ পৰা আহিছে এক দুখৰ খবৰ। হিমস্খলনৰ কবলত পৰিছে দেশৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত ভাৰতীয় সেনাৰ জোৱান। এই দুৰ্ঘটনাত ৩ জন জোৱান শ্বহীদ হয়। হিমস্খলনৰ তথ্য পোৱাৰ লগে লগে ততাতৈয়াকৈ উদ্ধাৰকাৰী দল সেই স্থানলৈ প্ৰেৰণ কৰা হয়। শ্বহীদ জোৱান তিনিজন হৈছে ছেপয় মোহিত কুমাৰ, অগ্নিবীৰ নিৰজ কুমাৰ চৌধাৰী আৰু অগ্নিবীৰ দাভি ৰাকেশ দেৱাভাই।
- আজিৰে পৰা আৰম্ভ হৈছে এছিয়া কাপ ক্ৰিকেট। আজি গ্ৰুপ বিৰ প্ৰথমখন মেচত মুখামুখি হৈছে আফগানিস্তান আৰু হংকং। কাইলৈ সংযুক্ত আৰৱ আমিৰশ্বাহীৰ বিৰুদ্ধে নিজৰ প্ৰথম মেচ খেলিব ভাৰতে। ডুবাইত অনুষ্ঠিত হৈছে এছিয়া কাপ ২০২৫।