জন্ম হৈছিল হিন্দু পৰিয়ালত, দিলীপ কুমাৰৰ পৰা হৈছিল এ আৰ ৰহমান! আঁৰত এজন হিন্দু জ্যোতিষী…
বিখ্যাত সংগীতজ্ঞ এ আৰ ৰহমানক প্ৰায় সকলোৱে জানে। এইগৰাকী সংগীতজ্ঞই প্ৰথমে এটা হিন্দু পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। কিন্তু পাছলৈ গ্ৰহণ কৰিছিল ইছলাম ধৰ্ম।

প্ৰায় বহু মানুহে জানে বিখ্যাত সংগীতজ্ঞ এ আৰ ৰহমানৰ জন্ম এটা হিন্দু পৰিয়ালত হৈছিল। জন্মৰ পাছত পিতৃ-মাতৃয়ে তেওঁৰ নাম ৰাখিছিল দিলীপ কুমাৰ। কিন্তু পাছলৈ তেওঁ ইছলাম ধৰ্মগ্ৰহণ কৰে আৰু নাম ৰাখে আল্লাহৰক্ষা ৰহমান অৰ্থাৎ এ আৰ ৰহমান। কোৱা হয়, এজন হিন্দু জ্যোতিষীয়ে এআৰ ৰহমানক এই নাম দিছিল। পিছে ইয়াৰ কাৰণ জানেনে? ইয়াৰ আঁৰতো আছে এক বিশেষ কাৰণ। শেহতীয়াকৈ এক সাক্ষাৎকাৰত নিজৰ জীৱনৰ এটা গোপন অধ্যায় শ্বেয়াৰ কৰিছিল এ আৰ ৰহমানে।
এ আৰ ৰহমানৰ জন্ম হৈছিল হিন্দু ঘৰত। জন্মৰ পিছত তেওঁৰ নাম ৰখা হয় দিলীপ কুমাৰ। কোৱা হয়, তেওঁৰ পিতৃয়ে এই নামটো ৰাখিছিল। কাৰণ তেওঁ আছিল অভিনেতা দিলীপ কুমাৰৰ অনুৰাগী। সৰুৰে পৰা এ আৰ ৰহমানক সকলোৱে দিলীপ কুমাৰ বুলিয়ে জানিছিল। কিন্তু তাৰ মাজতে আহে তেওঁলোকৰ জীৱনলৈ বেয়া সময়। ৰহমান সৰু থাকোতে হেৰুৱাইছিল পিতৃক। সেই সময়ত পৰিয়ালটোত বহু সমস্যাই দেখা দিছিল। পিতৃৰ মৃত্যুৰ পাছতে এ আৰ ৰহমান আৰু তেওঁৰ পৰিয়ালে গ্ৰহণ কৰিছিল ইছলাম ধৰ্ম।
ৰহমানে এক সাক্ষাৎকাৰত কয়, “বহুত চেষ্টা কৰাৰ পাছতো মোৰ ভনীক বিয়া দিব পৰা নাছিলো। ইয়াৰ বাবে মোৰ মা ভাগি পৰিছিল। মানসিকভাৱে অশান্তিত ভুগি আছিল তেওঁ। মাজে সময়ে মায়ে মোক হিন্দু জ্যোতিষীৰ ওচৰলৈ পঠিয়াইছিল। মোৰ ভনীৰ ৰাশি বিশ্লেষণ কৰাৰ লগতে জ্যোতিষীগৰাকীয়ে কৈছিল যে, তুমি সাধাৰণ নহয়, তুমি ডাঙৰ মানুহ হ’বা। তোমাৰ কপালত লিখা আছে”।
ৰহমানে কয়, “সেই জ্যোতিষীজনে মোক দুটা নাম দিছিল, আব্দুল ৰহমান আৰু আব্দুল ৰহিম। মোৰ ৰহমান নামটো ভাল লাগিল। তাৰ পিছত মাৰ পৰামৰ্শ অনুসৰি মই ৰহমানৰ লগত আল্লাহৰক্ষা যোগ কৰো, আৰু তেনেকৈয়ে মোৰ নাম এ আৰ ৰহমান হ’ল। মোৰ ৰহমান নামটো ভাল লাগে। তেওঁ আৰু লগতে কয় যে, মই কাকো অপমান কৰিব বিচৰা নাই, কিন্তু মই দিলীপ নামটো ভাল নাপাওঁ।
অন্য খবৰ পঢ়কঃ Diwali 2025: দেৱালীৰ নিশা কৰক এই সহজ উপায়! ঘৰলৈ আহিব শান্তি, হ’ব আৰ্থিক উন্নতি…