নব্যা হৰিদাস কোন? যাক উপ-নিৰ্বাচনত ৱায়ানাডৰ পৰা প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে থিয় কৰাইছে BJPয়ে!
ভাৰতীয় জনতা পাৰ্টীয়ে শনিবাৰে উপ-নিৰ্বাচনৰ বাবে ৱায়ানাড লোকসভা আসনৰ পৰা নব্যা হৰিদাসৰ নাম ঘোষণা কৰে। ইফালে কংগ্ৰেছ দলে এই আসনৰ পৰা প্ৰিয়ংকা গান্ধী ভাদ্ৰাক প্ৰাৰ্থিত্ব দিয়াৰ প্ৰস্তুতি চলাই আছে।
 
                                ভাৰতীয় জনতা পাৰ্টীয়ে শনিবাৰে কেৰালাৰ ৱায়ানাড লোকসভা উপ-নিৰ্বাচনৰ বাবে নব্যা হৰিদাসক প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। তেওঁ এই আসনৰ পৰা কংগ্ৰেছ নেত্ৰী আৰু দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই প্ৰতিদ্বন্দ্বিতা সম্ভাৱনা আছে। ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে ইতিমধ্যে জ্যেষ্ঠ নেতা চতিয়ান মোকেৰীক আসনখনৰ বাবে বাওঁ গণতান্ত্ৰিক মৰ্চাৰ (এলডিএফ) প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে।
লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে দুখন আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল – ৱায়ানাড আৰু ৰায়বৰেলী। তেওঁ দুয়োখন আসন জিকিছিল। তাৰ পাছত তেওঁ ৱায়ানাডৰ পৰা পদত্যাগ কৰে। তেওঁ পদত্যাগ কৰাৰ পাছত আসনখন খালী হৈ পৰিছিল। যাৰ নিৰ্বাচন আয়োগে ১১ নৱেম্বৰত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। ইয়াৰ ফলাফল ২৩ নৱেম্বৰত ঘোষণা কৰা হ’ব।
বিজেপি মহিলা মৰ্চাৰ সাধাৰণ সম্পাদক
বিজেপিয়ে হাই প্ৰফাইল ৱায়ানাড লোকসভা আসনৰ পৰা নব্যা হৰিদাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। নব্যা হৰিদাস বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক। তেওঁ কোজিকোড কৰ্পোৰেচনত দুবাৰকৈ কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হৈছে। লগতে কোজিকোড পৌৰ নিগমৰ বিজেপি সংসদীয় দলৰ এগৰাকী নেত্ৰী। তেওঁ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত কোজিকোড দক্ষিণ সমষ্টিৰ পৰা এন ডি এৰ প্ৰাৰ্থী আছিল। অৱশ্যে তেওঁ নিৰ্বাচনত পৰাজিত হৈছিল আৰু তৃতীয় স্থান লাভ কৰিছিল।
এগৰাকী অভিযন্তা
নব্যা হৰিদাস এগৰাকী মেকানিকেল ইঞ্জিনিয়াৰ। তেওঁ ২০০৭ চনত কালিকট বিশ্ববিদ্যালয়ৰ কেএমচিটি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা B.Tech সম্পূৰ্ণ কৰিছিল। তেওঁৰ স্বামী শোভিন শ্যাম এছ’চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)ৰ মতে নব্যাৰ বিৰুদ্ধে কোনো অপৰাধমূলক গোচৰ নাই। তেওঁৰ ১,২৯,৫৬,২৬৪ টকাৰ সম্পত্তি আছে। । ২০২১ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সময়ত তেওঁ নিৰ্বাচন আয়োগত এখন শপতনামা দাখিল কৰিছিল।
ৱায়ানাডৰ পৰা বিজেপিৰ প্ৰাৰ্থী হোৱাৰ পাছত নব্যা হৰিদাসে কয় যে কংগ্ৰেছে ৱায়ানাডৰ জনসাধাৰণৰ বাবে একো কৰা নাই। অঞ্চলটোৰ লোকসকলক উন্নয়নৰ প্ৰয়োজন। তেওঁ লগতে কয় যে, বিজেপিয়ে তেওঁক ৱায়ানাড লোকসভা উপ-নিৰ্বাচনত সাংসদ পদৰ বাবে প্ৰতিদ্বন্দিতা কৰাৰ সুযোগ প্ৰদান কৰিছে। লগতে এয়া তেওঁ প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে।
তেওঁ কৈছে যে ৱায়ানাডৰ মানুহে এনে এজন নেতা বিচাৰি আছে যি সদায় তেওঁলোকৰ সৈতে থাকিব। ৱায়ানাডৰ মানুহে এনে নেতা নিবিচাৰে যাক তেওঁলোকে কেতিয়াবাহে দেখা পায়। তেওঁৰ বিশ্বাস আছে যে ৱায়ানাডৰ মানুহে তেওঁক নিৰ্বাচিত কৰিব। তেওঁ লগতে কয়, ৱায়ানাডৰ লোকসকলৰ সমস্যা সমাধানৰ চেষ্টা কৰিব আৰু নিৰ্বাচিত হ’লে তেওঁলোকৰ সমস্যাবোৰ সংসদত উত্থাপন কৰিব।
কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টে (ইউডিএফ) ৱায়ানাডৰ পৰা প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ হৈ আনুষ্ঠানিকভাৱে প্ৰচাৰ আৰম্ভ কৰাৰ সময়তে বিজেপিয়ে নব্যা হৰিদাসক ৱায়ানাডৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰে।
উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টীয়ে শনিবাৰে আগন্তুক ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে ৬৬জন প্ৰাৰ্থীৰ এখন তালিকা প্ৰকাশ কৰিছে। লগতে বিজেপিয়ে ছত্তীশগড়, কৰ্ণাটক, কেৰালা, মধ্য প্ৰদেশ, অসম, বিহাৰ, ৰাজস্থান আৰু পশ্চিমবংগত অনুষ্ঠিত হ’বলগীয়া বিধানসভা উপ-নিৰ্বাচনৰ বাবে ২৪জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰে।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      