প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ পাছতে হাৰিয়ানা বিজেপিত বিদ্ৰোহৰ উকমুকনি! বিধায়কৰ পৰা প্ৰাক্তন মন্ত্ৰীলৈ পদত্যাগৰ জোৱাৰ..
হাৰিয়ানা বিজেপিত আৰম্ভ হৈছে বিদ্ৰোহ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে হাৰিয়ানাত বিজেপিয়ে এটাৰ পিছত এটাকৈ ডাঙৰ বিফলতাৰ সন্মুখীন হৈছে। ৬৭জন প্ৰাৰ্থীৰ সৈতে প্ৰথম তালিকা প্ৰকাশ হোৱাৰ পাছত বহুকেইগৰাকী ডাঙৰ নেতাই পদত্যাগ কৰিছে।
 
                                হাৰিয়ানা বিজেপিত আৰম্ভ হৈছে বিদ্ৰোহ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে হাৰিয়ানাত বিজেপিয়ে এটাৰ পিছত এটাকৈ ডাঙৰ বিফলতাৰ সন্মুখীন হৈছে। ৬৭জন প্ৰাৰ্থীৰ সৈতে প্ৰথম তালিকা প্ৰকাশ হোৱাৰ পাছত বহুকেইগৰাকী ডাঙৰ নেতাই পদত্যাগ কৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে বুধবাৰে আগন্তুক হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে।
- হাৰিয়ানা বিজেপি অ’বিচি মৰ্চাৰ ৰাজ্যিক সভাপতি আৰু প্ৰাক্তন মন্ত্ৰী কৰণ দেৱ কম্বোজে বিজেপিৰ সকলো পদৰ পৰা পদত্যাগ কৰিছে। ইন্দ্ৰি বিধানসভাৰ পৰা টিকট কৰ্তন কৰাৰ বাবে ক্ষোভিত হৈছিল কম্বোজ। দলটোৰ বিৰুদ্ধে অৱহেলা কৰাৰ অভিযোগ তুলি তেওঁ সকলো পদৰ পৰা পদত্যাগ কৰিছে। কম্বোজে কৈছে, “পৰৱৰ্তী সিদ্ধান্ত মোৰ সমৰ্থকসকলে কি কয় তাৰ ওপৰত লোৱা হ’ব।”
- দাদৰী কিষাণ মৰ্চা জিলাৰ সভাপতি বিকাশ ওৰফে ভলেৰ বিজেপিৰ পৰা পদত্যাগ
- বিজেপিক বিদায় জনালে ৰতিয়াৰ বিজেপি বিধায়ক লক্ষ্মণ নাপাৰে
- সোনিপতৰ বিজেপিৰ যুৱ ৰাজ্যিক কাৰ্যবাহী সদস্য আৰু বিধানসভা নিৰ্বাচনৰ ভাৰপ্ৰাপ্ত বিষয়া অমিত জৈনৰ পদত্যাগ
- জেজেপিৰ পৰা বিজেপিত যোগদান কৰা প্ৰাক্তন মন্ত্ৰী অনুপ ধনকৰ উকলানাৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্বৰ বিৰোধীতাৰে প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰস্তুতি চলাই থকা বিজেপি নেতা শ্বামছেৰ গীলে দলৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।
- হাৰিয়ানা বিজেপি কিষাণ মৰ্চাৰ মুৰব্বী সুখবিন্দৰ মাণ্ডীয়ে বিজেপিৰ পৰা পদত্যাগ কৰে
- হিছাৰৰ বিজেপি নেতা দৰ্শন গিৰি মহাৰাজে বিজেপিৰ পৰা পদত্যাগ কৰে
- জ্যেষ্ঠ বিজেপি নেতা সীমা গাবিপুৰে তাৎক্ষণিক ভাৱে সকলো দলীয় পদৰ পৰা পদত্যাগ কৰিছে
ভাৰতীয় জনতা পাৰ্টীয়ে বুধবাৰে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে ৬৭জন প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী নয়াব সিং চাইনীয়ে লাডৱাৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। হাৰিয়ানাৰ অধ্যক্ষ জিয়ান চান্দ গুপ্তাই পঞ্চকুলাৰ পৰা, হাৰিয়ানা বিজেপিৰ প্ৰাক্তন সভাপতি ওম প্ৰকাশ ধনকাৰ বদলিৰ পৰা, প্ৰাক্তন অধ্যক্ষ কানৱাৰ পাল গুৰ্জাৰে জগধৰীৰ পৰা, প্ৰাক্তন গৃহমন্ত্ৰী অনিল ভিজআম্বালা কেণ্টৰ পৰা আৰু প্ৰাক্তন সাংসদ সুনীতা দুগ্গলে ৰতিয়াৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব।
কেন্দ্ৰীয় মন্ত্ৰী ৰাও ইন্দ্ৰজিৎ সিঙৰ জীয়ৰী আৰতি সিং ৰাৱে আতেলীৰ পৰা প্ৰতিদ্বন্দিতা কৰিব, আনহাতে কেপ্টেইন অভিমন্যু আৰু কুলদীপ বিষ্ণোইৰ পুত্ৰ ভৱ্য বিষ্ণোইৰ নামো প্ৰাৰ্থীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। মনোনয়ন প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হ’ব। মনোনয়ন দাখিল ১২ ছেপ্টেম্বৰলৈকে অব্যাহত থাকিব। ৯০খন আসনৰ বাবে হাৰিয়ানা বিধানসভাৰ ভোটগ্ৰহণ ৫ অক্টোবৰত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ফলাফল ৮ তাৰিখে ঘোষণা কৰা হ’ব।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      