Assam By-Election : কংগ্ৰেছৰ গৰুৱে গাখীৰ নিদিয়ে, বিজেপিৰ গৰুৱে গাখীৰ দিয়েই থাকে ! ধলাইৰ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছক আক্ৰমণ মুখ্যমন্ত্ৰী শৰ্মাৰ
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা আৰম্ভ কৰিলে ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনী প্ৰচাৰ । ধলাই সমষ্টিৰ পৰা উপ-নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । ধলাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসৰ হৈ দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।
                                বিগত এমাহ ধৰি ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা আৰম্ভ কৰিলে ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনী প্ৰচাৰ । ধলাই সমষ্টিৰ পৰা উপ-নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । ৰাজ্যৰ পাঁচ সমষ্টিৰ তিনিটা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থীত্ব দিয়াৰ বিপৰীতে দুটা সমষ্টিত মিত্ৰদল অগপ আৰু ইউপিপিএলে প্ৰাৰ্থীত্ব দিছে । এই আটাইকেইটা সমষ্টিৰ নিৰ্বাচনী যুঁজত নামিছে মুখ্যমন্ত্ৰী শৰ্মা ।
উপ-নিৰ্বাচনী প্ৰচাৰৰ প্ৰথম দিনাই ধলাই সমষ্টিৰ ৰাইজক সম্বোধন কৰে মুখ্য়মন্ত্ৰী শৰ্মাই । ধলাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসৰ হৈ দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । ধলাই সমষ্টিৰ বিএনএমপি উচ্চ মাধ্যমিক বিদ্যালয় খেল পথাৰত আয়োজিত প্ৰথমখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ধলাই সমষ্টি বিজেপিৰ উন্নয়নমূলক নীতিৰ দ্বাৰা অধিক লাভৱান হৈছে। উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে সমষ্টিটোত এখন আদৰ্শ ডিগ্ৰী মহাবিদ্যালয় স্থাপন কৰাৰো আশ্বাস দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
ইয়াৰ লগতে এই নিৰ্বাচনী প্ৰচাৰত চৰকাৰৰ হিতাধিকাৰ আঁচনিসমূহৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন হিতাধিকাৰী আঁচনি, উন্নয়নমূলক কাম কাজসমূহৰ কথা উল্লেখ কৰি কংগ্ৰেছক লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী শৰ্মাই । তেওঁ কয়, ‘কংগ্ৰেছৰ কাম নাই । কংগ্ৰেছ অপপ্ৰচাৰ চলাবলৈ ইয়ালৈ আহিব । আজিলৈকে কংগ্ৰেছে কি কৰিলে ? কংগ্ৰেছৰ দিনত অৰুণোদয় পাইছিল নেকি ? বিনা পইচাত চাউল পাইছিল নেকি ? ‘ আজিৰ দৰে কংগ্ৰেছৰ দিনত উন্নয়ন মূলক আঁচনিৰ কাম কাজ হৈছিল নেকি বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
কংগ্ৰেছ হৈছে মতা গৰু, গাখীৰ নিদিয়ে : হিমন্ত
কংগ্ৰেছক কটাক্ষ কৰি আজি ধলাই সমষ্টিৰ উপ-নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ‘কংগ্ৰেছ হৈছে এটা মতা গৰু । ই কেতিয়াও গাখীৰ নিদিয়ে । ইয়াক যিমানে দানা খোৱালেও গাখীৰ দিব নোৱাৰে । কংগ্ৰেছ দল কোনো কাৰণতে মানুহৰ উন্নয়ন সাধন কৰিব নোৱাৰে । কংগ্ৰেছে ভোট ল’ব আৰু উন্নয়ন সাধন কৰিব নোৱাৰে ।’
‘বিজেপি হৈছে জাৰ্চী গৰু । আপুনি যিমানে দানা খোৱাব সিমানে ১৬-২০ লিটাৰ গাখীৰ দি থাকিব আৰু উন্নয়নৰ গতি অব্যাহত থাকিব । কংগ্ৰেছক দাতা খোৱালেও গাখীৰ নিদিয়ে। বিজেপিক দানা খোৱালে, দানা মানে ভোট দিলে বিজেপিয়ে দৈনিক ১৬ লিটাৰ,২০ লিটাৰ গাখীৰ দিব । গুজৰাটত গৰুৰ এটা জাত আছে, যাক গীৰ গাই বুলি কোৱা হয় । গীৰ গাৰুৱে জাৰ্চীত গৰুতকৈও বেছি গাখীৰ দিয়ে । কাৰণ ই গাখীৰ দিব জানে ।’ এই দৰে কংগ্ৰেছক কটাক্ষ কৰি নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী শৰ্মাই । উল্লেখ্য যে, ধলাই চিচিজেচি পালংঘাট উচ্চ মাধ্যমিক খেলপথাৰত আয়োজিত দ্বিতীয়খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।
কোন তাৰিখে কোন সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী শৰ্মাই
ধলাইত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছত ৬ নৱেম্বৰ বুধবাৰে বিজেপিৰ মিত্ৰদল অগপ আৰু ইউপিপিএলৰ প্ৰাৰ্থীৰ হৈ বঙাইগাঁও আৰু চিদলীত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী শৰ্মাই ৷ চিদলীত ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল ব্ৰহ্মৰ আৰু বঙাইগাঁৱত অগপৰ প্ৰাৰ্থী দীপ্তিৰাণী চৌধুৰী হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী শৰ্মাই । অহা ৭ নৱেম্বৰ বৃহস্পতিবাৰে চামগুৰি আৰু বিহালী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী শৰ্মাই ।