শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…

চীনত কমিউনিষ্ট চৰকাৰ ক্ষমতালৈ অহাৰ পাছত ১৯৫০ চনত চীনে হাজাৰ হাজাৰ সৈন্যৰে তিব্বত আক্ৰমণ কৰিছিল। তথ্য অনুসৰি, চীনে তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাক গ্ৰেপ্তাৰ কৰিবলৈ ওলাইছিল আৰু তেতিয়াই তেওঁ ভাৰতলৈ আহে।

ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
তিব্বতImage Credit source: ANI
barasha-sarma
Barasha Sarma | Updated On: 23 May 2025 09:57 AM

২৩ মে’ৰ দিনটোৰ ইতিহাসত তিব্বতত চীনে আনুষ্ঠানিকভাৱে দখল কৰা বুলি লিপিবদ্ধ আছে। চীনৰ এই পদক্ষেপৰ বিৰোধিতা তিব্বতৰ লগতে বিশ্বৰ বহু দেশে কৰিছিল। ১৯৫১ চনৰ ২৩ মে’ৰ আজিৰ দিনটোতে চীনে তিব্বত দখল কৰিছিল। ভাৰত আৰু তিব্বতত ইয়াক ক’লা দিৱস বুলিও কোৱা হয়। উল্লেখ কৰা প্ৰয়োজন যে, চীনৰ মতে এই পদক্ষেপ আছিল শান্তি ৰক্ষাৰ এক পদক্ষেপ। আজিৰ দিনটোতে চীনৰ হেঁচাত তিব্বতে চুক্তি স্বাক্ষৰ কৰিছিল, তাৰ পিছত তিব্বত চীনে দখল কৰিছিল।

দশক দশক ধৰি তিব্বতত নিজৰ অধিকাৰ সাব্যস্ত কৰি অহাৰ বিপৰীতে তিব্বতৰ জনসাধাৰণে ইয়াক নাকচ কৰি আহিছে। দুয়োখন এই সংঘাত হিংসাত্মক ৰূপ লয় আৰু ১৯১২ চনত তিব্বতৰ ত্ৰয়োদশ ধৰ্মগুৰু দালাই লামাই তিব্বত স্বাধীন ঘোষণা কৰে। অৱশ্যে সেই সময়ত চীনে কোনো ধৰণৰ প্ৰতিবাদ প্ৰকাশ কৰা নাছিল। কিন্তু প্ৰায় ৪০ বছৰৰ পাছত চীনত কমিউনিষ্ট চৰকাৰ ক্ষমতালৈ আহিছিল আৰু ১৯৫০ চনত চীনে হাজাৰ হাজাৰ সৈন্যৰে তিব্বত আক্ৰমণ কৰিছিল। তথ্য অনুসৰি, চীনে তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাক গ্ৰেপ্তাৰ কৰিবলৈ ওলাইছিল আৰু তেতিয়াই তেওঁ ভাৰতলৈ আহে।

বিশ্বৰ ইতিহাসত ২৩ মে’ত লিপিবদ্ধ হোৱা আন কেইটামান ডাঙৰ ঘটনা-পৰিঘটনা তলত উল্লেখ কৰা হ’ল-

  • ১৮৪৮ চন: আমেৰিকাৰ ৰাইট ভাতৃদ্বয়ৰ আগতে প্ৰথমবাৰৰ বাবে গ্লাইডাৰ নিৰ্মাণ কৰি মানুহক উৰণ শিকাই দিয়া অট্টো লিলিয়েন্থালৰ জন্ম।
  • ১৯১৯: জয়পুৰ ৰাজপৰিয়ালৰ ৰাণী মাতৃ মহাৰাণী গায়ত্ৰী দেৱীৰ জন্ম।
  • ১৯৪৫: জাৰ্মান একনায়কত্ববাদী হিটলাৰৰ ইহুদী বিৰোধী চোৰাংচোৱা সেৱাৰ মুৰব্বী হাইনৰিখ হিমলাৰে আন্তঃৰাষ্ট্ৰীয় মিত্ৰ বাহিনীৰ জিম্মাত আত্মহত্যা কৰে।
  • ১৯৫১: চীনে স্বায়ত্তশাসিত অঞ্চল হিচাপে তিব্বত দখল কৰে।
  • ১৯৭৭:  উত্তৰ হলণ্ডৰ এখন প্ৰাথমিক বিদ্যালয় আৰু এখন ৰে’লত উগ্ৰপন্থীয়ে আক্ৰমণ চলাই কেইবাজনো লোকক পণবন্দী কৰি লৈ যায়। কমাণ্ডো একচনৰ জৰিয়তে এই সংকট সমাধান কৰিবলৈ ২০ দিন লাগিছিল।
  • ১৯৮৬ : আমেৰিকা আৰু পশ্চিম ইউৰোপৰ দেশসমূহে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰস্তাৱ ভেটো কৰে।
  • ১৯৯৪:  ছৌদি আৰৱত ২৭০ জন তীৰ্থযাত্ৰীৰ মৃত্যু হয়।
  • ২০০৪:  বাংলাদেশত ধুমুহাৰ ফলত মেঘনা নদীত এখন নাও উটি যোৱাৰ ফলত ২৫০ জন লোক পানীত ডুব যায়।
  • ২০০৮ :  ভাৰতে ক্ষেপণাস্ত্ৰ পৃথ্বী-২ সফলতাৰে পৰীক্ষণ কৰে।
  • ২০০৯ : দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰোহ মু-হিউনেৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। যাৰ বাবে তেওঁ পাহাৰৰ পৰা জপিয়াই আত্মহত্যা কৰে।
  • ২০১০ : উচ্চতম ন্যায়ালয়ে বিবাহবিহীন পুৰুষ আৰু এগৰাকী মহিলাক একেলগে থকাটো অপৰাধৰ শ্ৰেণীৰ পৰা আঁতৰাই পেলায়।
  • ২০১৪: ৰাছিয়া আৰু চীনে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভেটো ক্ষমতা ব্যৱহাৰ কৰি ছিৰিয়াত যুদ্ধাপৰাধৰ বিচাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালত স্থাপন কৰে।

 

অন্য খবৰ পঢ়কঃ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব নোৱাৰে বিদেশী ছাত্ৰ-ছাত্ৰীয়ে, ট্ৰাম্প প্ৰশাসনৰ নিষেধাজ্ঞা…