মানসিক চাপ নিয়ন্ত্ৰণ কৰাৰ টিপছ জানক

11 October 2025

TV9 ASSAM

আধুনিক জীৱনশৈলী, চাকৰিৰ চাপ, পৰিয়ালৰ চাপ, আৰ্থিক অস্থিৰতাৰ দৰে বহু কাৰণত মানুহৰ মানসিক চাপ বৃদ্ধি পায়।

মানসিক চাপ

বিশেষজ্ঞসকলৰ মতে মানসিক স্বাস্থ্যক গুৰুত্বসহকাৰে লোৱাটো অতি প্ৰয়োজনীয়। উপশম পোৱাৰ উপায় জানক। 

উপায় জানক

নিয়মিত শাৰীৰিক ব্যায়াম কৰিলে মানসিক চাপ কমে। যিকোনো ব্যায়াম কৰিব পাৰে যেনে – খোজ কঢ়া, দৌৰা, যোগাভ্যাস, সাঁতোৰা ইত্যাদি।

শাৰীৰিক ব্যায়াম

ধ্যানৰ দ্বাৰা মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পাৰি। যিকোনো সময়তে, যিকোনো ঠাইতে ধ্যান কৰিব পাৰে।

ধ্যান

প্ৰাকৃতিক পৰিৱেশত কিছু সময় কটালে মানসিক শান্তি পোৱা যায়। বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে কথা পাতিলে বা সময় কটালে মানসিক চাপ হ্ৰাস পায়।

প্ৰাকৃতিক পৰিৱেশ

ছবি অঁকা, গান গোৱা বা অন্য কোনো সৃজনীশীল কামে আপোনাৰ মানসিক চাপ কম কৰিব পাৰে। এইবোৰে আপোনাক আনন্দিত কৰিব। 

সৃজনীশীল কাম

মানসিক চাপ কমাবলৈ দৈনিক পৰ্যাপ্ত টোপনি লোৱাটোও অতি প্ৰয়োজনীয়। টোপনি অভাৱ মানসিক চাপৰ অন্যতম কাৰণ।

পৰ্যাপ্ত টোপনি

সুষম আহাৰ গ্ৰহণ কৰাটোও মানসিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। সঠিক খাদ্যাভ্যাসে সুস্থ জীৱন-যাপনত সহায় কৰে।

সুষম আহাৰ

পঢ়িবলৈ ক্লিক কৰক

জিভা শুকাই যোৱাটো কি কি ৰোগৰ লক্ষণ?