TV9 ASSAM
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত দিল্লী টেষ্টৰ প্ৰথম ইনিংছত ভাৰতে ৫১৮ ৰানত ইনিংছ ঘোষণা কৰে। জয়ছোৱালৰ ১৭৫ ৰানৰ পিছত অধিনায়ক গিলেও অৰ্জন কৰে শতক।
টেষ্ট অধিনায়ক হিচাপে নিযুক্ত লাভৰ পিছৰে পৰা দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াই অহা গিলে আজি দিল্লী টেষ্টত আজি ১২৯ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।
টেষ্টত গিলৰ এয়া দশম শতক। এইদৰে তেওঁ ভাৰতীয় দলৰ ক্ষেত্ৰত এক ঈৰ্ষণীয় অভিলেখৰ অধিকাৰী হৈছে। এই ক্ষেত্ৰত তেওঁ ভংগ কৰিছে ৰোহিত শৰ্মাৰ অভিলেখ।
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত এতিয়া সৰ্বাধিক শতক অৰ্জনকাৰী ভাৰতীয় খেলুৱৈ গিল। ইয়াৰ পূৰ্বে ৯টা শতকেৰে এই তালিকাৰ শীৰ্ষত আছিল ৰোহিত।
তেওঁ লগতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহকাৰী ভাৰতীয় বেটাৰ হিচাপেও পৰিগণিত হৈছে। এইপৰ্যন্ত তেওঁৰ সংগ্ৰহ ৭১টা ইনিংছত ২,৮২৬ ৰান।
পণ্টে ৬৭টা ইনিংছত ২,৭৩১ ৰান সংগ্ৰহ কৰি শীৰ্ষত আছিল যদিও গিলে এই ইনিংছত ৩৫ ৰান সংগ্ৰহ কৰাৰ লগে লগে পণ্টক অতিক্ৰম কৰি নতুন অভিলেখ ৰচে।
এই ইনিংছৰ সময়তে গিলে অধিনায়ক হিচাপে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো ১০০০ ৰান সম্পূৰ্ণ কৰে। এই সফলতা অৰ্জন কৰা ১২ সংখ্যক ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হয় গিল।
পঢ়িবলৈ ক্লিক কৰক
প্ৰথমবাৰলৈ এনে কৃতিত্ব গিলৰ
India vs West Indies,