Periods Leave: মাহেকীয়াত মহিলাসকলে পাব এদিনৰ ছুটী!
১৮ জনীয়া এখন কমিটীৰ পৰামৰ্শ অনুসৰি এই ছুটী দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। কমিটীয়ে জনাইছে যে ঋতুস্ৰাৱৰ সময়ত মহিলাসকলে বিভিন্ন শাৰীৰিক পৰিৱৰ্তনৰ মাজেৰে পাৰ হ’বলগীয়া হয়। বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়। সেই সময়ত তেওঁলোকক জিৰণিৰ প্ৰয়োজন। চৰকাৰে বিভিন্ন দিশ পুনৰীক্ষণ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
মহিলাৰ বাবে এক ডাঙৰ সিদ্ধান্ত। ঋতুস্ৰাৱ বা মাহেকীয়াৰ সময়ত এতিয়াৰে পৰা ল’ব পাৰিব এদিনৰ ছুটী। এবছৰত মুঠ ১২ টা ছুটী পাব। ইয়াৰ বাবে কোনো ধৰণৰ দৰমহা কৰ্তন কৰা নহয়। এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্ণাটক চৰকাৰে। কেবিনেটত গৃহীত পিৰিয়ডছ লিভ ২০২৫।
কৰ্ণাটক চৰকাৰে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ উপস্থিতিত কেবিনেট বৈঠকত এই নীতি গ্ৰহণ কৰে। কেৱল চৰকাৰী কাৰ্যালয়ৰ মহিলা কৰ্মচাৰীয়েই নহয়, ব্যক্তিগত কাৰ্যালয়, আই টি কোম্পানী, বহুজাতিক কোম্পানী আৰু অন্য উদ্যোগ খণ্ডৰ সৈতে জড়িত সকলো মহিলা কৰ্মচাৰীয়েও মাহেকীয়াৰ ছুটী লাভ কৰিব। ঋতুস্ৰাৱৰ সময়ত প্ৰতিমাহে এদিন ছুটী ল’ব পাৰিব।
১৮ জনীয়া এখন কমিটীৰ পৰামৰ্শ অনুসৰি এই ছুটী দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। কমিটীয়ে জনাইছে যে ঋতুস্ৰাৱৰ সময়ত মহিলাসকলে বিভিন্ন শাৰীৰিক পৰিৱৰ্তনৰ মাজেৰে পাৰ হ’বলগীয়া হয়। বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়। সেই সময়ত তেওঁলোকক জিৰণিৰ প্ৰয়োজন। চৰকাৰে বিভিন্ন দিশ পুনৰীক্ষণ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই সিদ্ধান্ত সন্দৰ্ভত কৰ্ণাটকৰ শ্ৰম মন্ত্ৰী সন্তোষ লাডে কয় যে, ”বিগত এবছৰ ধৰি এই নীতিৰ কাম চলি আছিল। বহুত আপত্তি হৈছে, বিভিন্ন বিভাগৰ মাজত আলোচনা হৈছে আৰু মহিলাসকলে বহুত মানসিক চাপৰ মাজেৰে পাৰ হ’বলগীয়া হৈছে। বিশেষকৈ যিসকলে ১০-১২ ঘন্টা কাম কৰে। আমি প্ৰগতিশীল হ’ব বিচাৰো, সেয়ে মহিলাসকলক এদিনৰ ছুটী দিয়া হৈছে। মহিলাসকলে প্ৰয়োজন অনুসৰি প্ৰতিমাহে এদিন ছুটী ল’ব পাৰিব। আশাকৰোঁ এই কথাটো কোনেও ভুল বুজি নলয়। যদি এই নিয়মত আৰু কিবা পৰিৱৰ্তন লাগে, তেন্তে আমি সেই কামটো ভৱিষ্যতে কৰিম।”
কৰ্ণাটকত ৬০ লাখৰো অধিক মহিলা শ্ৰমিক আছে। ২৫ৰ পৰা ৩০ লাখ মহিলাই বিভিন্ন কৰ্পৰেট কোম্পানীত কাম কৰে। এই নিয়ম কাৰ্যকৰী হোৱাৰ পূৰ্বে শ্ৰম বিভাগে সকলো শ্ৰমিকৰ সৈতে সজাগতা সভা অনুষ্ঠিত কৰিব।
মন কৰিবলগীয়া যে, কৰ্ণাটকৰ পূৰ্বে বিহাৰ আৰু ওড়িশাতো মহিলাৰ বাবে পিৰিয়ড লিভ প্ৰৱৰ্তন কৰা হৈছে। বিহাৰত মহিলাসকলে মাহে দুদিন ছুটী পায়। ওড়িশাত চৰকাৰী কাৰ্যালয়ত কাম কৰা মহিলাসকলে প্ৰতিমাহে এদিনৰ ছুটী লাভ কৰে।