Maulana Masood Azhar: মাছুদৰ ভনীয়েকৰ কান্ধত ডাঙৰ দায়িত্ব, ‘টাৰ্গেট’ কাশ্মীৰী ছোৱালী!
বুধবাৰে জইছ-ই-মহম্মদে বাহাৱালপুৰৰ পৰা নতুন বাহিনী সম্পৰ্কে ঘোষণা কৰে। মাছুদ আজহাৰে ‘জামাত-উল-মমিনাত’ নামৰ মহিলা ব্ৰিগেড গঠন কৰিছে। উল্লেখযোগ্য যে, ভাৰতীয় বায়ুসেনাৰ অপাৰেচন সেন্দূৰৰ সময়ত বাহাৱালপুৰৰ জইছৰ মূল ঘাটি ধ্বংস কৰিছিল।
সন্ত্ৰাসবাদৰ ঘৃণনীয় কাৰ্য চলোৱাৰ বাবে এইবাৰ মহিলাৰ দ্বাৰা ‘ব্ৰিগেড’ গঠন কৰিছে সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰে। অপাৰেচন সেন্দূৰৰ সময়ত কোঙা হৈ পৰা মাছুদে পুনৰ মূৰ দাঙি উঠিছে। বৃদ্ধি পাইছে তেওঁৰ কাৰ্যকলাপ। ভাৰতত নিজৰ নেটৱৰ্ক পুনৰুদ্ধাৰ কৰিবলৈও চেষ্টা চলাইছে মাছুদে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এন ডি টিভিৰ এক প্ৰতিবেদন অনুসৰি নিজৰ সন্ত্ৰাসবাদী সংগঠনত সদায় মহিলাক নিষিদ্ধ কৰি ৰখা মাছুদ এতিয়া শক্তি বৃদ্ধিৰ বাবে কাষ চাপিছে মহিলাৰ।
বুধবাৰে পাকিস্তানৰ বাহাৱালপুৰৰ পৰা নতুন বাহিনী ঘোষণা কৰে জইছ-ই-মহম্মদে। ‘জামাত-উল-মমিনাত’ নামৰ মহিলা ব্ৰিগেড গঠন কৰিছে মাছুদ আজহাৰে। উল্লেখযোগ্য যে অপাৰেচন সেন্দূৰৰ সময়ত বাহাৱালপুৰত থকা জয়ছৰ মূল ঘাটিটো ধ্বংস কৰিছিল ভাৰতীয় বায়ুসেনাই। বুধবাৰৰ ঘোষণাৰ সময়ত মাছুদে ক্ষতিগ্ৰস্ত মুখ্য কাৰ্যালয়ৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বত আন এখন ঠাইত প্ৰথম মহিলা বাহিনী গঠনৰ কথা ঘোষণা কৰে। প্ৰশ্ন হয়, ভাৰতৰ বাবে প্ৰত্যক্ষ এয়া প্ৰত্যাহ্বান নেকি?
অৱশ্যে এই নতুন শক্তিৰ মুৰব্বীৰ পদ গ্ৰহণ কৰা নাই মাছুদে। এই মহিলা বাহিনীৰ মুৰব্বী হিচাপে দায়িত্ব দিয়া হৈছে এগৰাকী কুখ্যাত মহিলা সন্ত্ৰাসবাদীক। এই বিশেষ মহিলাগৰাকী হৈছে মাছুদৰ ভগ্নী। নাম সাদিয়া আজহাৰ। শেহতীয়াকৈ অপাৰেচন সেন্দূৰৰ সময়ত নিজৰ সন্ত্ৰাসবাদী স্বামীক হেৰুৱাইছিল সাদিয়াই৷ ইয়াৰ পিছতে এই নাৰী শক্তিৰ গঠন কৰা হ’ল। এই গোটেই পৰিকল্পনাটো মনত আছিল নেকি সাদিয়াৰ? তাৰ উত্তৰ জানিব পৰা হোৱা নাই। সূত্ৰ অনুসৰি এই নতুন মহিলা বাহিনীৰ সেনাপতি নিযুক্ত কৰা হৈছে মাছুদৰ সংগঠনত থকা সকলো সেনাপতিৰ পত্নীক।
কাশ্মীৰ উপত্যকাক ‘অশান্ত’ কৰাৰ সপোন দেখা এতিয়াও বন্ধ কৰা নাই মাছুদে। গতিকে নতুন নাৰী শক্তি গঠনৰ পিছত পুনৰ কাশ্মীৰত ইয়াক ব্যৱহাৰৰ চেষ্টা কৰিব মাছুদ আজহাৰে। সূত্ৰ অনুসৰি মাছুদে গঠন কৰা এই নাৰী শক্তিয়ে বিভিন্ন অনলাইন চাইট, ছ’চিয়েল মিডিয়া আৰু হোৱাটছএপ গ্ৰুপ ব্যৱহাৰ কৰি যোগাযোগ স্থাপন কৰিছে। ইয়াৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰি আছে ভাৰতৰ অধীনত থকা কাশ্মীৰৰ যুৱতী-মহিলাৰ সৈতে।
অপাৰেচন সেন্দূৰৰ পিছত সংগঠনটোত বিভিন্ন সালসলনি কৰিছে মাছুদ আজহাৰে। নতুন দিল্লীয়ে সমগ্ৰ বিশ্বৰ সন্মুখত তেওঁৰ সন্ত্ৰাসবাদী উৎপাদন কাৰখানা উদঙাই দিয়ে। মাছুদে এই কথা সহ্য কৰিব নোৱাৰিলে। গতিকে তেওঁ সলনি কৰিছে জইছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয়। এতিয়া বাহাৱালপুৰ নহয়, ঠিকনা সলনি কৰি খাইবাৰ পখতুনখোৱাত নতুন ঘাটি স্থাপন কৰিছে জইছ-ই-মহম্মদে। এয়া এতিয়া মাছুদৰ স্থায়ী ঠিকনা।