Nobel Prize 2025: শান্তিৰ নোবেল বঁটাৰ পৰা কংগ্ৰেছৰ যোগদানলৈকে, চাওক দিনটোৰ শীৰ্ষ খবৰ
আজি বহু গুৰুত্বপূৰ্ণ খবৰে আজি শিৰোনাম দখল কৰিছে। শান্তিৰ নোবেল বঁটাৰ পৰা কংগ্ৰেছৰ যোগদানলৈকে, চাওঁ আহক দিনটোৰ শীৰ্ষ খবৰ।
ঘোষণা হ’ল ২০২৫ বৰ্ষৰ শান্তিৰ নোবেল বঁটা । এই বৰ্ষৰ শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে ভেনিজুৱেলাৰ মাৰিয়া কৰিণা মাচাদুক। দেশৰ গণতন্ত্ৰ আৰু মানৱ অধিকাৰ হকে কৰা শান্তিপূৰ্ণ সংগ্ৰামৰ বাবে তেওঁ দিয়া হৈছে শান্তিৰ নোবেল বঁটা।
ঘোষণা হ’ল ADRE ৰ তৃতীয় বৰ্গৰ পদৰ ফলাফল। ৰাজ্যৰ ২৮ খন জিলাৰ ২৩,৮৫,৪২১ গৰাকী প্ৰাৰ্থীয়ে এই পদসমূহৰ বাবে কৰিছিল আবেদন। শেষ লিখিত আৰু স্কীল টেষ্টৰ নম্বৰৰ ভিত্তিত উত্তীৰ্ণ হয় ৭,৬৫০ গৰাকী প্ৰাৰ্থী।
কোনো সম্পত্তিৰ মালিক নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ কেৱল চৰকাৰী দৰমহা লয়। এই কথা শুকুৰবাৰে স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, “দৰমহাৰ বাহিৰে মোৰ ১ টকাও সম্পত্তি নাই। পত্নীয়ে যি কৰিছে সেয়া কাম কৰি উপাৰ্জন কৰিছে।”
ইয়াৰ লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ