শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

SSC Result: প্ৰকাশ পালে SSCৰ এই নিযুক্তি পৰীক্ষাৰ ফলাফলঃ এইদৰে চাব পাৰিব কাটঅফ নম্বৰ

প্ৰাৰ্থীসকলে SSC- ৰ অফিচিয়েল ৱেবছাইট ssc.gov.in ত নিজা ফলাফল চাব পাৰিব। আয়োগে ৰাজ্যভিত্তিক কাটঅফ নম্বৰো প্ৰকাশ কৰিছে, প্ৰাৰ্থীসকলে ফলাফলৰ লগতে এই নম্বৰ চাব পাৰে। এই নিযুক্তি প্ৰক্ৰিয়াৰ সবিশেষ তথ্য চাওক।

SSC Result: প্ৰকাশ পালে SSCৰ এই নিযুক্তি পৰীক্ষাৰ ফলাফলঃ এইদৰে চাব পাৰিব কাটঅফ নম্বৰ
SSCৰ ফলাফল ঘোষণাImage Credit source: Unsplash/Wikipedia
monjit-dutta
Monjit Dutta | Updated On: 14 Oct 2025 16:39 PM

ষ্টাফ চিলেকশ্যন কমিচন, চমুকৈ SSC- এ জিডি (GD) কনিষ্টবল নিযুক্তি পৰীক্ষাৰ শাৰীৰিক পৰীক্ষাৰ (PET/PST) ফলাফল মুকলি কৰিছে। শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলে এতিয়া ডকুমেণ্ট ভেৰিফিকেচন আৰু মেডিকেল পৰীক্ষাত অৱতীৰ্ণ হব। SSC- এ শীঘ্ৰেই পৰৱৰ্তী পৰ্যায়ৰ সূচী ঘোষণা কৰিব। প্ৰাৰ্থীসকলে SSC- ৰ অফিচিয়েল ৱেবছাইট ssc.gov.in ত নিজা ফলাফল চাব পাৰিব। ইতিপূৰ্বে অনুষ্ঠিত হৈ যোৱা কনিষ্টবল নিযুক্তিৰ লিখিত পৰীক্ষাৰ ফলাফল যোৱা ১৭ জুনত প্ৰকাশ কৰিছিল SSC-

নিযুক্তি পৰীক্ষাৰ পৰৱৰ্তী প্ৰক্ৰিয়া

লিখিত পৰীক্ষাৰ ফলাফল সূত্ৰে এই নিযুক্তি প্ৰক্ৰিয়াৰ শাৰীৰিক পৰীক্ষাৰ বাবে মুঠ ৩ লাখ ৯৪ হাজাৰ ১২১ গৰাকী পৰীক্ষাৰ্থী নিৰ্বাচিত হয়। ইয়াৰ ভিতৰত আছিল ৪০,২১৩ গৰাকী মহিলা আৰু ৩৫৩,৯০৮ গৰাকী পুৰুষ প্ৰাৰ্থী। ইয়াৰ পিছত বিগত ২০ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ শাৰীৰিক পৰীক্ষা অনুষ্ঠিত কৰা হয়।

ৰাজ্যভিত্তিক কাটঅফ নম্বৰ প্ৰকাশ

SSC- এ এতিয়া এই পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰি চিকিৎসা আৰু নথি পৰীক্ষণৰ বাবে ৯,১৭৯গৰাকী মহিলা আৰু ৮৬,০৮৫গৰাকী পুৰুষ প্ৰাৰ্থীক চৰ্টলিষ্ট কৰিছে। এই প্ৰক্ৰিয়াত সফল প্ৰাৰ্থীসকলক জি ডি কনিষ্টবল পদৰ বাবে চূড়ান্ত কৰা হ’ব। আয়োগে ৰাজ্যভিত্তিক কাটঅফ নম্বৰো প্ৰকাশ কৰিছে, প্ৰাৰ্থীসকলে ফলাফলৰ লগতে এই নম্বৰ চাব পাৰে।

SSC GD শাৰীৰিক পৰীক্ষাৰ ফলাফল কিদৰে চাব

প্ৰথমে ssc.gov.in চাওক।

হোমপেজত Notice Board অংশলৈ যাওক।

১৩ অক্টোবৰৰ জাননীত Constable (GD) in CAPFs, SSF, Rifleman (GD) in Assam Rifles and Sepoy in NCB Examination, 2025 লিংকত ক্লিক কৰক।

ইয়াৰ পিছতে নিৰ্বাচিত প্ৰাৰ্থীৰ এখন PDF তালিকা খোল খাব।

এই তালিকাত আপোনাৰ নাম বা ৰোল নম্বৰ বিচাৰি উলিয়াওক।

চিকিৎসা পৰীক্ষাৰ পিছত নথি-পত্ৰ পৰীক্ষণ কৰা হ’ব।

মেডিকেল আৰু ডকুমেণ্ট ভেৰিফিকেচনত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীৰ বাবে চূড়ান্ত নিৰ্বাচন কৰা হ’ব। SSC- শীঘ্ৰেই চিকিৎসা পৰীক্ষাৰ তাৰিখ প্ৰকাশ কৰিব। আয়োগে প্ৰাৰ্থীসকলক গুৰুত্বপূৰ্ণ আপডেটৰ বাবে নিয়মিতভাৱে অফিচিয়েল ৱেবছাইট ssc.gov.in পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে।