Republic Day 2026 Speech: সকলোৰে বাবে গণৰাজ্য দিৱসৰ চমু আৰু সহজ ভাষণ…

Republic Day 2026 Speech: প্ৰতিবছৰে ২৬ জানুৱাৰীৰ দিনটোত দেশত গণৰাজ্য দিৱস পালন কৰা হয়। এই দিনটোতে দেশত গৃহীত হৈছিল ভাৰতৰ সংবিধান। গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰান্তত বহু অনুষ্ঠানৰ আয়োজন কৰা হয়।

Republic Day 2026 Speech: সকলোৰে বাবে গণৰাজ্য দিৱসৰ চমু আৰু সহজ ভাষণ...

গণৰাজ্য দিৱসৰ ভাষণ

Published: 

22 Jan 2026 | 11:02 AM

অহা ২৬ জানুৱাৰীত সমগ্ৰ দেশবাসীয়ে পালন কৰিব গণৰাজ্য দিৱস। এইবাৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনটোত দেশত সংবিধান গৃহীত হৈছিল। যাৰ বাবে এই দিনটোত সমগ্ৰ দেশবাসীয়ে গণৰাজ্য দিৱস (Republic Day 2026) পালন কৰে। এই দিনটোৰ লগত সংগতি ৰাখি দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠানৰ আয়োজন কৰে। য’ত ছাত্ৰ-ছাত্ৰীৰ পৰা জ্যেষ্ঠজনে ভাষণ দিয়ে। গতিকে আপুনি যদি গণৰাজ্য দিৱসত ভাষণ দিয়াৰ পৰিকল্পনা কৰিছে তেন্তে তলত ইয়াৰ আভাস আগবঢ়োৱা হ’ল।

নমস্কাৰ! আজিৰ সভাত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু, দাদা- বাইদেউ, ভাই-ভনী, সতীৰ্থসকল। আজি সমগ্ৰ দেশে পালন কৰিছে ৭৭ সংখ্যক গণৰাজ্য দিৱস।  আমাৰ দেশে ১৯৪৭ চনত স্বাধীনতা লাভ কৰিছিল যদিও ১৯৫০ চনৰ আজিৰ দিনটোত সংবিধান গৃহীত হৈছিল, যাৰ বাবে প্ৰতি বছৰে ২৬ জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। গণৰাজ্য দিৱসৰ এই শুভ ক্ষণত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। লগতে প্ৰতিগৰাকী দেশবাসীলৈ গণৰাজ্য দিৱসৰ শুভেচ্ছা।

ভাৰতৰ দৰে এখন দেশত গণৰাজ্য দিৱসৰ মহত্ব অধিক। এই দিনটোক লৈ প্ৰতিগৰাকী ভাৰতীয় গৌৰৱান্বিত। আমি সকলোৱে জানো যে ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হৈ স্বাধীনতা লাভ কৰিছিল। কিন্তু দেশ চলাবলৈ সেই সময়ত কোনো সংবিধান নাছিল। যাৰ বাবে পৰৱৰ্তী সময়ত সংবিধান সভা গঠন হয়। দেশৰ সংবিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ড০ ভীমৰাও আম্বেদকাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সংবিধান প্ৰস্তুত কৰাৰ বাবে ২ বছৰ ১১ মাহ ১৮ দিনৰ প্ৰয়োজন হৈছিল। পৰৱৰ্তী সময়ত ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধান গৃহীত হয় আৰু ভাৰতক গণতান্ত্ৰিক, সাৰ্বভৌম দেশ হিচাপে ঘোষণা কৰে।

সংবিধান এখন প্ৰস্তুত কৰা সহজ নাছিল। এই প্ৰক্ৰিয়া আছিল অতি দীঘলীয়া। এই সংবিধান আমাৰ প্ৰতিগৰাকী ভাৰতীয়ৰ শক্তি। সংবিধানে প্ৰদান কৰে স্বাধীনতা, মৌলিক অধিকাৰ। আমাৰ সংবিধান বিশ্বৰ সবাতোকৈ দীঘল লিখিত সংবিধান। ইয়াৰোপৰি ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছে ব্ৰিটিছ শাসনৰ পৰা পূৰ্ণ স্বৰাজ (সম্পূৰ্ণ স্বাধীনতা) ঘোষণা কৰিছিল। সেয়ে এই দিনটো গণৰাজ্য দিৱস হিচাপে পালন  কৰা হয়।

আমাৰ সংবিধান আমাৰ প্ৰেৰণা, আমাৰ সাহস আৰু আমাৰ অধিকৰৰ চাবিকাঁঠি। এনে এখন দেশৰ বাসী হৈ মই গৌৰৱান্বিত। পুনৰ এবাৰ বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই আৰু সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাই মই মোৰ ভাষণৰ সামৰণি মাৰিছো।

 

অন্য খবৰ পঢ়কঃ গণৰাজ্য দিৱস কিয় পালন কৰা হয়? জানক এই দিনটোৰ ইতিহাস, মহত্ব আদি…

WIFI ৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ আৰম্ভণি কেনেকৈ হৈছে জানক
হনুমানক পূজা কৰিও ফল পোৱা নাই নেকি? তেন্তে প্ৰসন্ন কৰিবলৈ এই তেলৰ চাকি দিবলৈ নাপাহৰিব!
অমিতাৰ গুটি চোবাই খোৱাৰ উপকাৰিতা জানেনে?
২৩ জানুৱাৰীত ডাঙৰ সংযোগ! এই ৩ ৰাশিৰ বাবে শুভ...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...