ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
৪ মে’ৰ দিনটো বহু ঘটনাৰ বাবে ইতিহাসত পাতত লিপিবদ্ধ হৈ আছে। কেৱল ব্ৰিটেইনৰ নহয়, সমগ্ৰ ইউৰোপৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী মাৰ্গাৰেট থেচাৰক বিশ্বত আইৰন লেডী বুলি জনা যায়। ৪ মে’ৰ দিনটোতে তেওঁ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা ।

বছৰৰ আন আন দিনৰ দৰে ৪ মে’ৰ দিনটো বহু ঘটনাৰ বাবে ইতিহাসত পাতত লিপিবদ্ধ হৈ আছে। কেৱল ব্ৰিটেইনৰ নহয়, সমগ্ৰ ইউৰোপৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী মাৰ্গাৰেট থেচাৰক বিশ্বত আইৰন লেডী বুলি জনা যায়। ৪ মে’ৰ দিনটোতে তেওঁ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। আজিৰ দিনটোতে লণ্ডন ডেইলী মেইলৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় ।
ইতিহাসৰ ৪ মে’ৰ দিনটোত লিপিবদ্ধ ঘটনা পৰিঘটনা চাওঁ আহক
- ১৭৯৯ চনৰ আজিৰ দিনটোতে শ্ৰীৰংগপট্নাৰ যুদ্ধত মহীশূৰৰ টিপু চুলতানৰ মৃত্যু হয়।
- ১৮৫৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথমটো ডাক টিকট আনুষ্ঠানিকভাৱে জাৰি কৰা হয়।
- ১৮৯৬ চনৰ আজিৰ দিনটোতে লণ্ডন ডেইলী মেইলৰ প্ৰথম সংস্কৰণ প্ৰকাশ।
- ১৯২৪ চনৰ আজিৰ দিনটোতে পেৰিছত অষ্টম অলিম্পিক গেমছ আৰম্ভ হয়।
- ১৯৪৫ চনৰ আজিৰ দিনটোতে নেদাৰলেণ্ড, ডেনমাৰ্ক আৰু নৰৱেত জাৰ্মান বাহিনীয়ে আত্মসমৰ্পণ কৰে।
- ১৯৮০ চনৰ আজিৰ দিনটোতে কয়লা খনি দিৱস হিচাপে উদযাপনৰ ঘোষণা।
- ১৯২৭ চনৰ আজিৰ দিনটোতে আমেৰিকাত ‘অস্কাৰ’ বঁটা প্ৰদান কৰিবলৈ আৰম্ভ কৰে একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ।
- ১৯৫৯ চনৰ আজিৰ দিনটোতে প্ৰথম গ্ৰেমী বঁটা প্ৰদান কৰা হয়।
- ১৯৭৯ চনৰ আজিৰ দিনটোতে মাৰ্গাৰেট থেচাৰ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়। সমগ্ৰ ইউৰোপতে এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা।
- ১৯৮৩ চনৰ আজিৰ দিনটোতে চীনে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে।